সমললৈ যাওক

পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আতৰে আহি আহে। তেওঁৰ মনলে বৰ বেয়া লাগি গ। শিলে আৰু নাচাই তেওঁ খোজ পেলালে। বয়ৰাম ডাঙৰীয়াৰ লগতনো আপোনাৰ কি কাজিয়া লাগিছিল?” বাটতেই মানুহ নোহোৱা হেগ বুজি দাৰোগাই এ কৰিলে। “কি কম বাপা জানেই নহয়, বয়সত হলো বুঢ়া, বুঢ়া আৰু ল'ৰা এক, মনটো বহুত সময়ত ল'ৰাৰ দৰে নলগাত লাগে। কথা বেহি ডাঙৰ নহয়, কি হ’ব? পুলিচৰ হাতত বুঢ়া কালত এনেকৈ লটি থটি হ’ৰ লগা আছিল।” “নাই, নাই, একো নহয়, বিশেষকৈ মই থাকোতে। আপোনা সাধুকথাৰ কিতাপ মই সৰু কালতেই পঢ়িছে। আপোনা খুহুতীয়া গীত এটা গাই স্কুলৰ বঁটা বিতৰণীত এটা বঁটাও এবাৰ লাভ কৰিছিল। তেতিয়াৰপৰাই আপোনাক জানো, দেখাহে নাছিলো। আপোনাক জামিনত এৰি দিব পৰা যাব। ডেক। বিষয়াজনৰ কথাত শইকীয়াদেৱৰ মনত বৰ সুখ লাগিল। ক্ষন্তেকলৈ তেওঁ পাহৰি গ'ল তেওঁ গ্ৰেপ্তাৰ হৈহে থানালৈ খোজ লৈছে। “বাপা, ঈশ্বৰে আপোনাৰ কুশল কৰিব। মোক দিহা-পৰামৰ্শ দিব। দেখিলেই নহয় মোৰ ঘৰখন, এপাল ল'ৰা-ছোৱালী, তাতে আকৌ তৃতীয় পক্ষ। দেশৰ সেৱাত, সমাজ সেৱাত, সাহিত্যৰ সেৱাত লাগি থাকোতে গৃহস্থীও উদং হ’ল। অভাৱ-অনাটন জুমুৰি দি ধৰিলে।” কথাখিনি কৈ তেওঁ দীঘলকৈ কেইটামান উশাহ ললে। “দুটা ল'ৰা আহি আছে, আপোনাৰেই নেকি?” দৰেগা আনে সুধিলে। “সিহঁতক ফিৰি যাবলৈ কওক। সিহঁতক দেখি মো দুৰ্বলতা আহিব পাৰে।” [ ১২৫ ]