মাহৰ মাজত এটি গুণ-শনি শৰ উঠিল। কিন্তু কোনেও কাকো একো সমিধান দিব নোৱাৰিলে। ডেকা পুলিচ বিষয়াজনে ক’লে, “শইকীয়া ডাঙৰীয়া, ঘৰ আৰু বাহিৰৰ মানুহৰপৰা আপোনাৰ বিদায় লবৰ হ'ল। এতিয়া থানালৈ যাক। আপোনা বিবৃতি আমি তাতেই লম, চিন্তা কৰিব লগা একো নাই। কোনোবা এজন আপোনাৰ লগত ওলালেই, আপোনাক জামিনত লৈ আহিব পাৰিব।” কথাষাৰ কৈ বিষয়াজনে ৰাইজৰ পিনে চাবলৈ ধৰিলে। জামিনৰ কথা শুনি ৰাইজ এজন এজনকৈ ভাগিবলৈ ধৰিলে। শেষত তেওঁৰ পৰিয়ালবৰ্গৰ লগত সৰু সৰু ল'ৰা-ছোৱালীহে কেইটিমান ইফাল- সিফালকৈ ৰ'ল। ৰাইজৰ মনোবৃত্তিৰ ছবিখন দেখি বিষযাজনে কৈ উঠিল, “শইকীয়া ডাঙৰীয়া ৰাইজ দেখো নিমিষতে ভাগিল। জামিনদাৰৰ বাবে এজন লগত নগলে আপোনা অসুবিধা হ’ব।” “বলক, মই জেলতেই পচি মমি। ঘৰত অভাৱ-অনটনত মৰাতকৈ জেলৰ ভাত খাই কৰ্ম্মক্লান্ত জীৱনত তাতেই মৰা ভাল। বলক, আৰু দেৰি কৰিব নালাগে।” তেতিয়া ল'ৰা-ছোৱালীৰ উচুপি উচুপি কান্দোনৰ শৱদে শইকীয়াৰ অন্তৰ দৰকাই পেলালে। তেওঁৰে চকুদুটা তিতিবৰ উপক্ৰম হোৱাৰ আশঙ্কা কৰিযেই বিষয়াজনক পুনৰ জোৰেৰে কলে, “বলক, বলক, ৰৈ থাকিলে মায়াহে জন্ম।” কথাষাৰ কৈয়ে তেওঁ নঙলালৈ খোজ পেলালে। পুলিচৰ দাৰোগাজনে চিপাহী দুজনৰ পিনে চাই হুকুম দিলে, “বলা, তেওঁৰ পিছে পিছেই।” শইকীয়াদেৱে ক'ব নোৱাৰিলে তেওঁৰ কি হৈছে, অনুভূতিবোৰ বেন ডে লোপ হৈছে। পিছলৈ চাই তেওঁ দেখে যে কোনো মানুহেই তেওঁৰ লগত অহা নাই, মাথো তেওঁৰ দুজন পুতেকে তবে [ ১ ]
পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/১৩০
অৱয়ব