“ৰেীৰ বিয়াৰ কৰা কৰাৰ কৰা উকলি লৈছে। পৰিবৰ্তন হৈছে। বিয়া হৈ ৰাৰ। “এনেয়ে হবনে?* অৱয়ে এনেয়ে নহয়। উভয় পক্ষ হাবিলাসতহে বিয়া বলে হৈ উঠে। সেইদৰেই হব। ল'ৰাটোক ৰূপহী বাগানলৈকেই পঠাই দিওঁ। যিমান দিন তাত বন্ধু বৰদলৈ থাকিব, সিমানদিনলৈ আমাৰ চিন্তা নাই। সৰু ল'ৰাটো পটক। দুবছৰৰ ভিতৰতে দুটা হোৱালী দিম বুলি তুমি ধৰি লৰা।” গিৰীয়েকৰ কথাত ইৰাৰ হাঁহি উঠে। তেওঁ নিজৰ জীৱনটোকে সদায় এনেদৰেই সৰল-সহজ ভাৱে লৈ আহিছে। কব পৰা নাই, জীৱনৰোৰ এনেদৰেই যাবনে? তেওঁ মনতেই ভাবে। “অ' আৰু এটা কথাহে, বিপুল মহাজনক খুব গা ভোলাই দিছে -অহাবাৰৰ নিৰ্বাচনত উঠিবলৈ। ইয়াত কংগ্ৰেহৰ পৰা খৰামকেই উঠাই দিব, সেই মানুহজনৰ প্ৰতি ৰাইজৰ মুঠেই আস্থা নাই। আমি শ্ৰমজীৱী শক্তি সংঘৰ পৰা মহাজনক উঠাই দিম।” “তেওঁ জানো শ্ৰমজীবী?” “নিশ্চয় বিট ব্যক্তিগত শ্ৰমৰ দ্বাৰাইতে তেওঁ আজি ধন ঘটিছে। নিজেও তেওঁ এজন নিপীড়িত বুলি কৈহে ভাল পায়। তেওঁ সাধাৰণ মানুহ। তেওঁৰ জীৱনধাৰাৰ পদ্ধতিও দহজন সাধাৰণ লোকৰ দৰেই।” “কিন্তু খয়ৰামৰ ধনলক জানো বলে পাৰিব।” “জনবলৰ আগত তাৰ ধনবল উৰি যাব।” ক্ষন্তেক ৰৈ ইৰাই কয়, “সি আমাক যথেষ্ট পটি বটি কৰিছে। দেউতাই শেষ শয্যাত পৰি থকা সময়তেই সি আপোক তেজপুৰলৈ বলি কৰাইছিল। আপোনাৰ বাৰে দেউতাই কিমান আকুল হৈ পৰিছিল। ঈশ্বৰ আছে, শেষ নিশ্বাসৰ সময়ত আপুনি দেউতাক সেই কেইটা দিনৰ কথা ভাবিলে, আজিৎ কুলৈ পানী আহে। অথৰমীৰ বৃত্তি নাই।” [ ]
পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/১৩
অৱয়ব