তেতিয়াই মুখে মুখে শচনা কৰি এই গীতটো মই গাই দিছিলো।” কথাখিনি কৈয়ে তেওঁ সুৰ লগাই গাবলৈ ধৰিলে। আমি তোক খাবলৈ যাওঁ। ভো ব্যন ভোৰ ৰাজন ডিঙিমানলৈ খাওঁ, আমি তো খাবলৈ যাওঁ। মাতক বা নামত আমাক তালৈ কাণ আমাৰ নাই, তোৰ ছাগলীৰ নাম শুনিযেই আমাৰ জিভ লকলকাই যায়, মূৰত মথুৰা পাৰী মাৰি কানি কঠা উৰি লওঁ, চিনিব নোৱাৰা হৈ আমি পাছ শাৰীত বহি যাওঁ। আমি ভোজ খাবলৈ যাওঁ। তাটা শেষ হোৱাৰ লগে লগেই হাঁহিৰ খিলখিলনি এটি উঠিল। “বৰ ৰস লগাই গাব পাৰে আপুনি। মোৰ কিন্তু এনেকুৱা গীত গাবলৈ লাজ লাগিব। গীত আৰু অভিনয়, দুয়োটা আপোনাৰ একেলগেই হৈ যায় দেখিছে।” “মই এনে গীতহে অঙ্গী-ভঙ্গী কৰি গালে আনন্দ পাওঁ।” “এনে গীত আপুনি গালে যেনেকৈ জমি পৰে, আনে গালে কেতিয়াও তেনেকৈ জমি মুঠে।” তেওঁৰ কথা সমৰ্থন কৰি প্ৰণৱেকয়। প্ৰিয়াই হহি ঘঁহি ৰঙা পৰি উঠিছিল আৰু অতি যত্ন কৰিও সেই হাঁহি ৰাখিব পৰা নাছিল। সেই হাঁহি উঠা মুখখনেৰে তাই আৰু শুৱনী হৈ পৰিছিল। শইকীয়াদেৱৰ লগত কথা পতাৰ লগতেই প্ৰণৰে প্ৰিয়াৰ সেই ীয়া মুখখনলৈ চাই মনত তৃপ্তি পাইছিল। [ ১১৮?
পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/১২৪
অৱয়ব