সমললৈ যাওক

পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কামোী বই মনবোঝে নাটি নাটি উঠিল। নিৰ্বাচন হহীন থমবণ্টাৰ মাজত এই বাতৰিয়ে এটি যেন নতুন আৰু নতুন সুৰৰ সৃষ্টি কৰিলে। নগৰত যুগান্তৰ সূৰুযৰ আখৰা আৰম্ভ ঋজুনাথ দাসৰ প্ৰেহৰ কাম বাঢ়ি গ'ল, কাৰণ বগা সম্পূৰ্ণ ভাবে আখৰাত লগাত তেওঁৰ আৰিয়েই নোহোৱা হৈ পৰিল। ভাওবোৰ ভগোৱা হ'ল, আখৰাও হল। বিপুল মহাজনে শশাষক লাভখোৰ মহাজন এজনৰ ভাওত মহা সাৰ্থকতা লাভ কৰিলে। কিন্তু ভিধাৰীৰ ভাও এটা নিখুত হৈ উঠা নাই। কোনে এই ভাওটো ল’ব? কিছু সময় আলোচনা চলাৰ পিছত বগাৰামে থিয় হৈ মূৰটো খজুৱাই লাহেকৈ ক’লে, “বাপসকল আৰু আইসকল, এটা কথা দাঙি ধৰিব খুজিছো।” সকলোৱে তাৰ পিনে চালে। “ভিখাৰীৰ ভাওটো আমাৰ পেন্সন খোৱা বুঢ়া চিৰিনাথ শইকীয়া ডাঙৰীয়াক দিব পাৰিলে বৰ ভাল হয়।” কথাষাৰ শুনিয়েই সকলোৱে গিৰ গিৰকৈ হাঁহি মাৰিলে। জীৱনে তাৰ বাছনি মনে মনে শলাগ ললেও, শইকীয়া ডাঙ- ৰীযাই যে এই ভাওটো সৰলৈ আহিব, তেওঁ বিশ্বাস কৰিবলৈ টান পালে। তথাপিও তেওঁ নিজৰ মনৰ ভাব প্ৰকাশ কৰি ক'লে, “বগাৰামৰ বাছনি সুন্দৰ হৈছে কিন্তু তেওঁ জানো আমাৰ মাজলৈ আহিব?” “আহিব।” বগাই সৰুকৈ ক'লে। “তেনে তেওঁক গৈ বগাই কৈ-মেলি মাস্তি কৰাই লৈ আহক।” আন এজন অভিনেতাই ক'লে। “লোভ দেখুৱালে আহিব ৰাইজসকল।” বগাই আকৌ কয়। ন্তে বগাৰামে গৈ তেওঁক লৈ আহক। তেওঁৰ বুদ্ধিয়েই বুদ্ধি।” [ ১০৭ )