সমললৈ যাওক

পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তেওঁৰ মতে ৰাইদেহে মিলি তেওঁনােক প্রতিনিধি ঠিক কৰিব লাগে, কিন্তু এজনে ধন জন খটুৱাই ৰাই প্রতিনিধিৰ নাম কিনিবলৈ ইমান থৈয়া নথৈয়া ৰণ কিহৰ বাবে। আকৌ ৰণখনাে দেখাে দুৰ্য্যোধন, দ্রোণাচাৰ্য, অখখামা, কর্ণ, দুঃশাসন, শকুনি সকলােৱে মিলি কৰা এজনৰ বিৰুদ্ধে যেন কুট কৌশলৰহে ৰণ। তেওঁ কেনিও নােগাল, তথাপিও, কোনােবা এজনে গৈ ৰয়ৰামক লগালে যে ঋজু মাষ্টৰে খয়ৰামৰ বিৰুদ্ধে কেচ কৰি ফুৰিছে। খয়মে খঙতেই হাত কামুৰি কৈ উঠিল, “কটা খাব নােপােৱা, তাৰে ৰাজনীতি। তাক মষিমূৰ কৰিবলৈ মােৰ কিমান সময়?” “ঠিকেই চাৰ” খলুৱা জনে কয়, কিন্তু মূখ আৰু দৰিদ্ৰক ক্ষমা কৰাই আপােনাৰ কাম হলেও, দুই-চাৰি মাহৰ কাৰণে গ্ৰেপ্তাৰ কৰি থৈ দিয়া বেয়া নহয়।” “তই যা।” খলুৱাজন গুচি যায়। শেষত খৰামৰ জীৱনৰ ওপৰতেই খ’ বেছিকৈ উঠে। মনতেই ভাবে, (বটা কাটিলেও কটা নােযােৱা, পূৰিলেও পুৰি নােযােৱা। ভবিষ্যতলৈ হুমিযাই থলে মনতেই। গরিলাযুদ্ধৰ দাৰ মন্ত্রী অক্লান্তই নিৰ্বাচনী যুদ্ধ চলালে। তেওঁৰ দলৰ বাহিৰেও বহুতেই তেওঁক সমর্থন কৰিলে, দুই-এক প্রগতিবাদী লােকেও তেওঁক হয বুলিলে। পূৰ্বৰ স্বাধীনতা আন্দোলনৰ ৰণুৱা হিচাপেও তেওঁ কিছুমানৰ সমৰ্থন লাভ কৰিলে। আনবাৰ হলে বিপুল মহাজনৰপৰা কমেও দহ হেজাৰ টকা লৈ গ'লহেঁতেন, কিন্তু এই বেলি যি কাৰণেই নহওক, সিটো নহল। কিছু দিন আগতেই তেওঁ মাথাে ভ্ৰমণত আহােত তেওঁৰ ঘৰুৱা খা-খবৰ হে লৈ গ'ল। ঠিক এনে সময়তে প্ৰণৱ আহিছিল প্ৰেছৰ কামত জীৱনক লগ ধৰিবলৈ। ছাত্র জীৱনৰ ঠাই, সেযেই ইয়ালৈ আহিলে তেওঁৰ এদিনৰ ঠাইত দুদিনো হয়। সিদিনা কলেজৰ আগৰ বাটেদি আহােতে তেওঁ চিৰিনাথ শইকীয়াক বাটতেই লগ পাই নমস্কাৰ জনালে। [ ১০২ ]