এশৰ আহি এনেকৈ থকাৰ তিনিদিন ওঁতেই সিহঁতৰ মাজত এটাৰ হৈ গ'ল যে মাষ্টৰীক বিয়া কৰাই তেওঁ নগৰলৈ লৈ যান। এই বৰটোত বহুতেই ম্ৰিয়মাণ আৰু চিন্তাৰিত হৈছিল। সেই ঠাইত ডাক্তৰ নথকা নহয়, আছে, কিন্তু সেইবিলাকক চিকিৎসক বোলাতকৈ ব্যৱসায়ী বোলাই ভাল। বেমাৰীৰ জীৱনটোতকৈ, কাৰ্মাচীৰ ঔষধ বিক্ৰিয়েই তেওঁলোকৰ বেছি মূল্যবান, সেইদৰেই তেওঁলোকে ধন ঘটিছে। প্ৰিয়া সিপিলে ঔষধ দি থাকোতে এজন বনুৱা মানুহে প্ৰণৱক লাহেকৈ সুযোগ বুজি সুধিলে, ‘মাষ্টৰণীক আপুনি লৈ যোৱাৰ পিছত, আমি গৰীবখিনি সমূলি মৰিম। ভাবি পোৱা নাই আমাৰ যে কি গতি হব। প্ৰণৱে তাৰ কথাষাৰিৰ উত্তৰ দিবলৈ নৌ পাওতেই সি আঁতৰি গ’ল। তাৰ মনটো বৰ বেয়া লাগি যায়। মনতেই অনুভৱ কৰিলে যে প্ৰিয়া সেই মানুহসকলৰ মাজত মাষ্টৰণী বা ডাক্তৰণীয়েই নহয় —এজনী দেৱীও। দুই-চাৰি সেই অঞ্চলৰ অখ্যাত নামা লোকৰ লগত প্ৰণৱে কথা- বতৰা হয়। হৰিসেৱক আৰু প্ৰিয়া সেই অঞ্চলৰ যেন সকলোৰে আপোন লোক। তেন্তে সিহঁতৰ হিয়াৰ মাজৰপৰা প্ৰিয়াক কেনেকৈ লৈ যাব আঁতৰাই? প্ৰণৱে ভাবে। হৰিসেৱকদেৱ আহি নাপালে। প্ৰণব যাবলৈ ওলাল। এদিন দুদিনকৈ তেওঁ কেবাদিনো থাকিল। “বাবা, এই বাৰীৰ আতাক চমজাই দি তহঁত নগৰলৈ গুচি যা। কিন্তু যোৱাৰ আগতেই বিখন পাতি ল। দুই-এদিনৰ ভিতৰত হলে ভালোই আছিল, কিন্তু তাই বৰ্তমান বাপ নাই, তেওঁ নাথাকিলে নহব। তই ফেৰ আহিবি বাবা, আমাৰ বেটাটাক তই মুভুলিবিৰে বাবা।” বুঢ়ীৰ কথা শুনি প্ৰণৱে কয়, “বুঢ়ীমা প্ৰিয়া নাথাকিলে তোক কোন চাব? তই ক’ত থাকিবি?” [ ১ ]
পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/১০৫
অৱয়ব