“বাবা আমাৰ গগ্য মল আছে। আমাৰে সংসাৰ আলি এক দিন। সংসাৰ ভাঙিল, সূৰ্য ভুবি।” “বুঢ়ীমা, এই হোৱালী লক্ষ্মী স্বৰূপা। তাইৰ ভিতৰ-বাহিৰ নিৰ্মল আৰু সুন্দৰ। তাই সঙ্গত তোৰ জীৱনৰ সকলো পিনেৰে উন্নতি হব।” সেৱক দেৰ গুচি যায়। প্ৰিয়াই এন্ধাৰ দেখে। সেই এন্ধাৰৰ মাজতেই তাই দূৰত পোহৰৰ ৰেখাৰ নিচিনা দেখা পায় প্ৰণৱৰ সুন্দৰ মুখখনি। সেই মুখখনি নিজৰ কাষলৈ টানি আনিবলৈ তাইৰ অনন্ত হাবিলাস জাগি উঠে। তাই অকলশৰীয়াহৈ যেন আৰু থাকিব নোৱাৰা হৈ যায়। ৰিঙিয়াই যেন তাই প্ৰণৱক আতুৰ কণ্ঠৰ আবাহন কৰিব, এনে বলিয়া ইচ্ছা এটি তাইৰ প্ৰাণত জাগি উঠে। দিন যায়। ৰাতি পুৱাৰ ৰাঙলী সূৰুযাটা পুনৰ ৰঙা পৰি বিদায় মাগে। পৃথিবীয়েও নিজৰ কক্ষত গতি কৰে, কাৰৰ বিৰাম নাই। এনে বিৰামহীন পৃথিবীত প্ৰিয়াৰ যেন কৰিব লগীয়া একো নাই, তাই যেন কৰ্মহীন-সংগহীন। তেনে সমযতে হৰিসেৱক দেৱে গুচি যায় উজনিৰ পিনে। এসপ্তাহৰ পিছতে অহা কথা আছিল যদিও, এমাহেও তেওঁ আহি নাপালে। প্ৰিয়াই তেওঁৰ বাবে চিন্তা কৰে, কিন্তু তাই বুজি নাপায় যে বৈৰাগী মানুহৰ অভাৱ কেনে। থাকোতে মৰম কৰিব যথেষ্ট, কিন্তু আঁতৰি যোৱাৰ পিছত তেওঁলোকৰ আৰু কাকো মনত নপৰে, একোৰে প্ৰতি তেওঁলোকৰ আৰু মায়া নাথাকে। দত্ত ডাক্তৰ ঢুকোৱাৰ পিছতো সেই অঞ্চলৰ মানুহে ঔষধ বিচাৰি তালৈ আহে। দুই-চাৰি ঔষধৰ নাম বাপেকৰ মুখত শুনি প্ৰিয়াই মনত ৰাখিছিল আৰু কেতিয়াবা ঘৰুৱা কামত লাগি থকাত মানুহ আহিলে, তেওঁ তাইক কৈছিল,বেলেডোনা, আলফা, চিনা বা অমুকটো দে বুলি। সেইদৰেও দুই-এক দৰৱৰ কথা তাই জানিছিল। যিসকল মানুহ দত্তৰ কাষলৈ বেমাৰীৰ বাবে আহিছিল, সেইসকল [ ৯৪ ]
পৃষ্ঠা:যুগান্তৰ সূৰুয.djvu/১০০
অৱয়ব