পৃষ্ঠা:মোৰ সোঁৱৰণী (Mor Sonwaroni).pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মোৰ সোঁৱৰণী
প্ৰথম সৰ্গ

 মোৰ সোঁৱৰণীৰ আঁতি-গুৰি মোৰ স্বৰ্গীয়া এনাইদেউতা। তেওঁৰ কথা জিলমিলকৈ মোৰ মনত পৰে। তেওঁ শাওঁবৰণীয়া, ওখ গাৰু লাহী আছিল যেন মনে ধৰে। চকুযুৰিলৈ মনত পেলাই চালে অনুমান হয় যে তেওঁ এগৰাকী তেজস্বিনী আৰু বুদ্ধিমতী নাৰী আছিল। মানৰ দিনত এনাইদেউতা পাট-গাভৰু আছিল বুলি তেওঁৰ সমবয়সীয়া বুঢ়া-বুঢ়ী মানুহৰ মুখে শুনিছিলো। মানে হেনো তেওঁক ঘৰত অকলশৰে পাই খুটাত বান্ধি শুংলগা বাঁহগাজেৰে মৰিয়াই মৰামুছাকৈ এৰি যায় , তথাপি দেউতাকে পুতি খোৱা ধন-বস্তু তেওঁ দেখুৱাই নিদিলে। মাতৃ ফৈদীয়া পুথাওদেউতা ৰঙা কোঁৱৰ (এনাইদেউতাৰ স্বামী) অকালত ঢুকুৱাত এনাইদেউতাই দুটি জীয়েক আৰু তিনটি পুতেকক বহু প্ৰবন্ধেৰে ডাঙৰ-দীঘল কৰে। জীয়েক দুটিয়েই মোৰ “আই” আৰু “সৰু আই”। মোৰ পিতৃদেউতা ঘিণাৰাম বুঢ়াগোহাঞি বৰুৱা ৰংপুৰৰ (এতিয়া শিৱসাগৰ) জাঁজিৰ পৰা আহি উত্তৰ লক্ষীমপুৰত থিতাপিত হোৱাৰ পাচত, তেওঁ পোন প্ৰথমে আইক (এনাই আৰু পুথাওদেউতাৰ বৰজীষেক) বিয়া কৰায়। তাৰ বছৰ চাৰেকৰ পাচত সৰু আইক বিয়া কৰায় (এনাইদেউতা আৰু পুথাওদেউতাৰ সৰু জীয়েক). মই সৰু আইৰ চতুৰ্থ সন্তান।

 আইৰ কথা মোৰ ভালকৈয়ে মনত পৰে। মোৰ শিশুকালতে তেওঁ ঢুকায়, তথাপি তেওঁৰ আকৃতি-প্ৰকৃতিৰ বিষয়ে মই স্বৰূপকৈ কব পাৰো। তেওঁ ৰাঙলী, ওখ আৰু লাহী আছিল। তেওঁ আজলী কোমলমতীয়া আৰু ঢিলা বান্ধৰ তিৰোতা আছিল। কিহবাত খুণ্ডা খাই আইৰ বাওঁভৰিৰ নাকদেওনাত ঘা লাগি শুকাই এটা চিন ৰৈছিল, সেই চিনটি এতিয়াও মোৰ মনত পৰে। এইখিনিৰে পৰা মোৰ সোঁৱৰণী-সোঁত, চিৰচিৰীয়া যদিও, নিছিগা ধাৰেৰে ববলৈ ধৰে।

 এনাইদেউতা আৰু আইক দেখাতে মনত পৰে। সিবিলাকৰ মৰণৰ কথা মোৰ মনত নপৰে। আচলতে মৰণনো কি, বোধকৰোঁ, তেতিয়া মোৰ বোধেই নহৈছিল। কিন্তু, আইৰ পঞ্চম সন্তান, মোৰ সমনীয়া ৺ভদ্ৰসেন ককাইদেউৰ মৰণৰ কথা মোৰ অলপ-অচৰপ মনত পৰে। তেওঁৰ সেই অকাল বিয়োগৰপৰা মোৰ জ্ঞান হ’ল যে মানুহ নৰিয়া পৰি মৰে; মৰিলে নেদেখা হয়। এওঁতকৈ অলপ আগেয়ে সৰু আইৰ পঞ্চম সন্তান, মোৰ সহোদৰা ভনী এটিৰ কেচুৱাতে মৰণ হোৱা মোৰ জিলমিলকৈ মনত পৰে। এই দুটি মৰণ দেখিলোঁ, কিন্তু সেই বাবে মই শোক-বেজাৰ কৰাৰ কথা কব নোৱাৰো; মাখোন, ৺ভদ্ৰ ককাইদেউৰ লগ হেৰুৱাই মনত বিষাদ লগা যেন গম পাইছিলোঁ। মৰমত পোন প্ৰথমে মই বেজাৰ পাওঁ সৰু আইৰ অষ্টম সন্তান, মোৰ চেনেহৰ সৰু ভাইটি ৺হলিৰামৰ অকাল মৃত্যুত। চকুৱে-চকুৱে চাই থাকোতেই চকুৰ আগতে