পৃষ্ঠা:মোৰ সোঁৱৰণী.pdf/৩১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩০৮ মোৰ সোঁৱৰণী থাকোতেই তাৰ আগছোৱাৰ ছপা কাৰ্যৰ প্ৰুফ আহি পৰে; গতিকে একে সময়তে দুহাতে দুবিধ কামত ধৰাৰ নিচিনা হয়। যি হওক, সেইভাৱেই লিখা আৰু ছপা কাৰ্য দ্ৰুতগতিৰে চলাই নি, মধ্যলীলা খণ্ড লিখাৰ সামৰণি মাৰি উঠি, তাৰ ছপা কাৰ্য চাৰিভাগৰ তিনিভাগ চলাই নিছোঁ, এনেতে ‘স্থাণিয়া’ নামে এটা নতুন ব্যাধিয়ে সাংঘাতিকৰূপে মোক পোতকামাৰি ধৰাত সেই চলিত কাৰ্য হঠাতেই ৰহিত হ'বলগীয়া হ'ল! হাৰ্ণিয়া নৰিয়া ইং ১৯১৭ চনৰপৰাই তেজপুৰত মই অনৰেৰী মেজিষ্ট্ৰেট। সপ্তাহত দুদিনকৈ মোৰ আদালত বহে। শ্ৰীকৃষ্ণ’ প্ৰণয়নৰ কালত সেই মেজিষ্ট্ৰেটিৰ ১৪ চৈধ্য বছৰীয়া ভৰ-বয়স। ‘শ্ৰীকৃষ্ণ’ মধ্যলীলা খণ্ডৰ ৰচনা শেষ কৰি, তাৰ ছপা কাৰ্য শেষ কৰিবলৈ চাৰি ভাগৰ এভাগ মাথোন বাকী থাকোতে, ইং ১৯৩১ চনৰ ৪ মেই তাৰিখে, সোমবাৰে, কাছাৰিত দুটামান জঞ্জলীয়৷ শকত মোকদমাৰ সোধ সামৰি আবেলি ৪ মান বজাত ঘৰলৈ উলটি আহি থাকোতে বাটতে জেইল কম্পাউণ্ডৰ পূব-দক্ষিণ কোণৰ কেঁকুৰি আলি খণ্ড ঘূৰোঁতে হঠাতে মোৰ তলপেটত এটা চিৰিঙ্গতিপৰা বিষ উঠি মোক অচল কৰি তললৈ ভিৰাই নিলে, মই খোজকাঢ়ি আগ বঢ়াহে নালাগে পোন্‌ হৈ ৰব নোৱাৰা হলো। বাটত অগা-পিছাকৈ কেও নাই। মই অকলশৰীয়াকৈ তাতে পৰি নগৈ টানি মানি কুঁজাকুঁজকৈ আৰু অলপ মাথোন দুৰৈত ঘৰ পাবলৈ বুলি ধাউতি মেলি আগুৱাইছোঁ, এনেতে হোৰস কৰে পেটৰপৰা হাৰ্ণিয়া নাড়ী-ভুৰু ওলাই অহাত অণ্ডকোষৰ মোনা ফিন্দখাই পৰিল। মই ধূৱঁলি-কুঁৱলি দেখিলোঁ। তথাপি, সেই অৱস্থাৰেই চুঁচৰি অহা দি আহি ঘৰ পাই হেলনীয়৷ বিশ্ৰামী মাচিয়াত ঢৰাই-মৰাই চিতথাই পৰি মূৰ্ছ৷ যোৱাৰ নিচিনা হলো। ভিতৰৰপৰা আতৰাৱ কাঢ়ি ভাষা-পুত্ৰ-কন্যাদি সপৰিয়ালে আহি উবুৰিখাই পৰি ক্ৰন্দনৰ কোঢ়াল লগাই দিলে। চুবুৰীয়াও জনচেৰেক চাপিলহি। ‘বন্তি’ প্ৰেছৰ প্ৰিণ্টাৰ শ্ৰীমান ভদৰামে উধাতুখাই গৈ টাউনৰ ডাক্তৰ আটাই- কেইজনক খবৰ দিলেগৈ। পোৱাঘণ্টামানৰ ভিতৰত ডাক্তৰ সুৰেন্দ্ৰনাথ সেন প্ৰমুখ্যে টাউনৰ ডাক্তৰ চাৰিজন উপস্থিত হ’লহি। সিবিলাকে মোক ডাংদোলাকৈ নি বিছনাত শুৱাই ল’লেগৈ। তাৰ পাছত, এজন এজনকৈ চাৰিওজনে হাতৰ মোহাৰণি আৰু হেঁচনিৰে হাৰ্ণিয়া হেঁচি ভিতৰ হুমুৱাবলৈ পাৰ্যমানে যত্ন কৰি চালে, কিন্তু সকলো বিফল হ’ল। টনটননি বিষত মোৰ প্ৰাণ যায় যায়! ডাক্তৰকেজন বিমোৰ! এনেতে কাছাৰিৰপৰা হাকিম, মুঞ্চিপ, উকীল, আমোলাসকল আহি ঘৰ ভৰি পৰিলহি। অপৰাপৰ লোকজন চাপি ‘পদ্মকুটীৰ’ৰ টোল ভৰি পৰিলহি। মই মানুহ চিনিব নোৱাৰা হলো, মাথোন মোক বিছনাত বেৰি বহা ৺মনোমোহন লাহিড়ী ৰায়বাহাদুৰ, বৰহাকিম মৌলবী ফুকন আলি খানবাহাদুৰ, “আনন্দচন্দ্ৰ আগৰৱাল৷ ৰায়বাহাদুৰ, শ্ৰীযুত ৰবীন্দ্ৰৰাম খাউণ্ড মুঞ্চিপ প্ৰমুখ্যে কেজনমানৰ চিন্তাযুক্ত স্নান মুখ মণিব পাৰিছিলোঁ। তাৰ পাছত, মোক ক্লোৰফৰ্ম দি লৈ, ডাক্তৰ- কেব্জনে আকৌ পাৰেমানে চেষ্টা কৰি চালে হাৰ্ণিয়া হেঁচি মোহাৰি বহুৱাবলৈ, কিন্তু