পৃষ্ঠা:মেঘনাদ সাহা.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮ মেঘনাদ সাহা
 

Stress)। তড়িৎ-চুম্বকীয় বিকিৰণ সম্পৰ্কীয় এইখন জ্ঞানগর্ভ ৰচনা ১৯১৭ চনত ফিল'ছ'ফিকেল মেগাজিনত (Philosophical Magazine) প্রকাশ হৈছিল।

 আৰম্ভণীতে অধ্যাপক সাহাৰ গৱেষণাৰ মূল আকৰ্ষণ আছিল ‘বিকিৰণ আৰু চাপ' (Radiation and Pressure) । ১৯১৮ চনত অধ্যাপক সাহা আৰু তেওঁৰ ছাত্ৰ সুবোধ চক্রবর্তীয়ে বংগদেশৰ পৰা প্ৰকাশিত এছিয়া ছ'চাইটিৰ পত্রিকাত (Journal of the Asiatic Society ) 'পোহৰৰ চাপ’ৰ বিষয়ে এটি পৰীক্ষামূলক প্রবন্ধ প্রকাশ কৰে। সাহাৰ আন কেইখনমান উল্লেখযোগ্য জ্ঞানগর্ভ গৱেষণাপত্ৰ হ’ল : ‘ফেব্ৰি-পেৰট সমাৰোপণ যন্ত্ৰত সমাৰোপণৰ সীমা (Interferency in the Fabry-Parot Interferometer), 'ইলেক্ট্ৰনৰ গতি বিজ্ঞান’ (Dynamics of a Electron), ‘নতুন অৱস্থা-সমীকৰণ’ (New Equation of State), ‘বিকিৰণৰ চাপ আৰু কোৱান্টাম তত্ত্ব’ (Radiation Pressure and the Quantum Theory), বৈদ্যুতিক কাৰ্য্যৰ মৌলিকত্ব (Fundamental Law of Electrical Action) আদি। এইবোৰ গৱেষণাপত্ৰ ফিল’ছ’ফিকেল মেগাজিন, ফিজিকেল ৰিভিউ, জার্নেল অব এছিয়াটিক ছ’চাইটি, এষ্টু’ফিজিকেল জার্নেল আদি বিভিন্ন পত্রিকাত প্ৰকাশ হৈছিল।

 ১৯১৯ চনত সাহাই কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সন্মানজনক ডক্টৰেট অব·ছায়েন্স (D.Sc.) ডিগ্রী লাভ কৰে। সেই সময়তে ‘নাক্ষত্ৰিক বৰ্ণালীৰ হাভার্ড শ্রেণী বিভাগ’ (Harvard Classification of Stellar Spectra) শীর্ষক গৱেষণা-পুস্তিকাৰ বাবে সাহাই প্রেমচান্দ ৰায়চান্দ বৃত্তি লাভ কৰে।

 ১৯১৮ চনৰ ১৬ জুনত নাৰায়ণগঞ্জ মহকুমাৰ ৰাধাৰাণীৰ লগত মেঘনাদ সাহাৰ শুভবিবাহ সম্পন্ন হয়। ৰাধাৰাণীৰ পৰিয়াল যথেষ্ট আঢ্যৱন্ত আছিল আৰু সেয়েহে পোনতে দুখীয়া সাহাৰ পৰিয়াললৈ ছোৱালী দিবলৈ ৰাধাৰাণীৰ পৰিয়ালে বৰকৈ মন কৰা নাছিল। পাছে ৰাধাৰাণীৰ পিতৃয়ে সাহাৰ প্ৰতিভাৰ উমান পাইছিল আৰু তেওঁৱেই পৰিয়ালৰ আনসকলৰ অমততো এই বিয়া হোৱাত বৰ জোৰ দিছিল।

 ১৯১৯ চনৰ ২৯ মে'ত হোৱা পূর্ণগ্রাস সূর্যগ্ৰহণৰ সময়ত পোহৰৰ বিক্ষেপণ নির্ণয়ৰ ফলত আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদৰ সূত্ৰৰ পৰীক্ষামূলক সমৰ্থন পোৱা গৈছিল। সেই খবৰ পোৱা মাত্রেই সাহাই কলিকতাৰ