পৃষ্ঠা:মেঘনাদ সাহা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাফল্য়ৰ প্ৰথম দহ বছৰ ৭
 
 

মেঘনাদ; তেওঁৰ পত্নী ৰাধাৰাণী আৰু তেওঁলোকৰ সন্তান-সন্ততিসকল

 প্ৰত্যাহ্বানক সাহসেৰে গ্ৰহণ কৰিছিল। সাহাই পোনতে স্নাতকোত্তৰ শ্ৰেণীত জলস্থিতি বিজ্ঞান (Hydrostatics), বর্ণালীবীক্ষণ বিদ্যা (Spectroscopy), তাপগতি বিজ্ঞান (Thermodynamics) আদি পদার্থ বিজ্ঞানৰ কেইবাবিধো ভিন ভিন শাখাৰ বিষয়বস্তুৰ ওপৰত বক্তৃতা দিছিল, পাঠদান কৰিছিল। সেই সময়তে সদ্য-আৱিষ্কৃত কোৱান্টাম তত্ত্ব সম্পর্কে বিভিন্নজনে লিখা গৱেষণা পত্ৰসমূহৰ লগতো তেওঁৰ পৰিচয় ঘটিছিল। তদুপৰি সাহাই কলেজত পঢ়া দিনৰে পৰা জার্মান ভাষা জানিছিল বাবে এই ভাষাত প্ৰকাশিত ৰচনা আদি পঢ়াতো তেওঁৰ একো অসুবিধা হোৱা নাছিল।

 সেই সময়তে সহকর্মী বন্ধু সত্যেন বসুৰ সৈতে লগ লাগি সাহাই আইনষ্টাইনে আপেক্ষিকবাদৰ বিষয়ে জার্মান ভাষাত লিখা বিভিন্ন গৱেষণাসমূহ ইংৰাজীলৈ অনুবাদ কৰে। ১৯১৯ চনত কলিকতা বিশ্ববিদ্যালয়ে এইখন প্রকাশ কৰে আৰু গ্ৰন্থখনিৰ ভূমিকা লিখে অধ্যাপক প্রশান্তচন্দ্র মহলানবিশে। উল্লেখযোগ্য যে এইখন গ্ৰন্থই আছিল আপেক্ষিকতাবাদৰ প্ৰথম ইংৰাজী অনুবাদ।

 বিজ্ঞান গৱেষণাৰ দিশত সাহাই বিশ্বাস কৰিছিল যে পৰীক্ষা আৰু তত্ত্বই হাতত ধৰাধৰিকৈ আগনাবাঢ়িলে বিজ্ঞান গৱেষণা চলোৱা সম্ভৱ নহয়। সাহাই নিজে অধ্যয়ন কৰি আহৰণ কৰা জ্ঞানৰ ভিত্তিতহে গৱেষণা কৰিছিল। তেওঁৰ প্রথম গৱেষণাপত্ৰখনৰ নাম আছিল 'মেক্সৱেলৰ প্ৰতিচাপ' (Maxwell's