পৃষ্ঠা:মেঘনাদ সাহা.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬ মেঘনাদ সাহা
 

 কলিকতাত থকা সময়ত প্ৰথমতে তেওঁ ইডেন হিন্দু ছাত্রাবাসত আছিল। পাছে তাৰ ছাত্ৰসকলে তেওঁৰ প্ৰতি দেখুওৱা অবজ্ঞা আৰু অবহেলাৰ বাবে কিছুদিনৰ পাছতেই সাহা ১১০ নং কলেজ স্ট্রিটৰ এটি মেছলৈ আহে। সেই মেছতে তেওঁ নীলৰতন ধৰ, জ্ঞানচন্দ্ৰ ঘোষ, যতীন মুখার্জী (বাঘা যতীন নামেৰে খ্যাত), পুলিন দাস আদিৰ দৰে কেইবাজনো বিপ্লবী মুক্তি যোদ্ধাৰ সান্নিধ্যলৈ আহে। কলেজ ষ্ট্ৰীটৰ এই মেছটোৰ পৰিবেশ আৰু সান্নিধ্যই পৰবৰ্তী কালত সাহাৰ জীৱনত বিশেষ প্রভাব পেলাইছিল।

 কলিকতাত থকা সময়তে সাহাই অৰ্থাভাৱত এটা চাকৰিৰ সন্ধানত সন্মানজনক ভাৰতীয় বিত্ত সেৱাৰ (Indian Finance Service) পৰীক্ষা দিবৰ বাবে আবেদন জনাইছিল। কিন্তু ঢাকাত বংগ ভংগ আন্দোলনৰ সময়ত স্কুলৰ পৰা বহিষ্কৃত হোৱাৰ কাৰণে আৰু কলেজ ষ্ট্ৰিৰ মেছত বিপ্লৱীসকলৰ লগত যোগাযোগ ৰখাৰ কাৰণে উক্ত পৰীক্ষাত বহিবলৈ তেওঁ অনুমতি নাপালে। কিন্তু ইয়েই পিছলৈ ‘শাপেই বৰ' হোৱাদি হ’ল। কিয়নো উক্ত চাকৰিত তেওঁ যোগদান কৰাহেতেন, চৰকাৰৰ হয়তো লাভ হ'লহেতেন, কিন্তু ভাবীকালৰ এজন বিখ্যাত বিজ্ঞানীক আমি হেৰুৱাব লগা হ'লহেতেন।

 যি কি নহওক প্রেচিডেন্সি কলেজৰ পৰাই ১৯১৫ চনত সাহাই গণিতত স্নাতকোত্তৰ ডিগ্ৰী (M.Sc.) লাভ কৰে। এই পৰীক্ষাতো তেওঁ স্নাতক পৰীক্ষাৰ দৰেই প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান পায়। স্নাতক আৰু স্নাতকোত্তৰ দুয়োবাৰেই সাহাৰ অপৰাজেয় প্রতিদ্বন্দ্বী আছিল সত্যেন্দ্রনাথ বসু। বসু দুয়োটা পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈছিল। সাহা আৰু বসু দুয়ো অন্তৰংগ বন্ধু আছিল যদিও দুয়োৰে মাজত প্ৰতিদ্বন্দ্বিতাৰ সম্পৰ্ক এটাও আছিল। পৰবৰ্তী কালতো দুয়োৰে মাজত এই সম্পর্ক অটুট আছিল।

 এম এছ চি পাছ কৰাৰ পাছত উপাচার্য ছাৰ আশুতোষ মুখাৰ্জীৰ আমন্ত্ৰণক্ৰমে সাহা আৰু বসুৱে নৱপ্ৰতিষ্ঠিত কলিকতা বিশ্ববিদ্যালয়ত প্রথমে প্রায়োগিক গণিতৰ প্ৰবক্তাৰূপে আৰু পাছত পদাৰ্থ বিজ্ঞান বিভাগৰ প্ৰবক্তাৰূপে যোগদান কৰে (১৯১৬)। প্রসংগতঃ উল্লেখযোগ্য যে সাহা আৰু বসু দুয়ো আছিল গণিতৰ মেধাবী ছাত্র। কিন্তু তেওঁলোকে পদার্থ বিজ্ঞানহে পঢ়ুৱাবলগীয়া হ’ল; পদাৰ্থ বিজ্ঞানলৈ তেওঁলোকে মৌলিক অৱদানো আগবঢ়ালে। অথচ দুয়ো পদার্থ বিজ্ঞান নিজে নিজেহে শিকিবলগীয়া হৈছিল। তেওঁলোকে এই নতুন