সাফল্যৰ প্রথম
দহ বছৰ
১৯১১ চনত মেঘনাদ কলিকতালৈ আহে আৰু তাৰ প্ৰেচিডেন্সি কলেজৰ স্নাতক বিজ্ঞান শ্ৰেণীত নাম লগায়। স্নাতক স্তৰত তেওঁৰ মুখ্য বিষয় (অনাৰ্ছ) আছিল গণিত।
কলিকতাতে মেঘনাদৰ জীৱনৰ এক নতুন দিগন্তৰ দুৱাৰ মুকলি হয়। ইয়াতেই তেওঁ সহপাঠীৰূপে পায় সত্যেন্দ্ৰনাথ বসু, জ্ঞানচন্দ্র ঘোষ, জ্ঞানেন্দ্রচন্দ্ৰ মুখোপাধ্যায়, নিখিলৰঞ্জন সেন, শৈলেন্দ্ৰনাথ ঘোষ আদিৰ দৰে পৰবৰ্তীকালৰ কেইবাজনো বিখ্যাত ব্যক্তিক। প্রশান্ত চন্দ্র মহলানবিশ মেঘনাদতকৈ এবছৰৰ জ্যেষ্ঠ আছিল। সেইখন কলেজতে মেঘনাদে নেতাজী সুভাষচন্দ্র বসুকো পাইছিল। সুভাষচন্দ্র তেওঁতকৈ কনিষ্ঠ ছাত্ৰ আছিল যদিও সাহাই তেওঁক বৰ ভাল পাইছিল।
প্রেচিডেন্সি কলেজত সাহা কেইবাজনো গুণী আৰু স্বক্ষেত্ৰত বিদগ্ধ পণ্ডিত শিক্ষকৰ সান্নিধ্যলৈ আহে। তেওঁলোকৰ ভিতৰত স্বনামধন্য জগদীশ চন্দ্র বসু (পদার্থ বিজ্ঞান), প্রফুল্ল চন্দ্ৰ ৰায় (ৰসায়ন বিজ্ঞান) আৰু ডি এন মল্লিকৰ (গণিত) নাম উল্লেখযোগ্য। এইসকলৰ ভিতৰত প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ প্ৰভাব সাহাৰ জীৱনত গভীৰভাৱে পৰিছিল। পৰবৰ্তী কালত সাহা জনসেৱাত ৰত হোৱাৰ সামাজিক দায়িত্ববোধো তেওঁ প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ পৰাই পাইছিল। মেঘনাদৰ দৰে প্ৰফুল্ল চন্দ্ৰৰো গাঁৱৰ প্ৰতি এক দুৰ্বাৰ আকৰ্ষণ আছিল। এই আকর্ষণেই দুয়োৰে মাজত এক চুবুৰীয়া সম্পর্ক গঢ়ি তুলিছিল।
১৯১৩ চনত গণিতত সন্মানসহ প্রথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰি সাহা স্নাতক পৰীক্ষাত উত্তীর্ণ হয়।