পাতনি।
যোৱা ফেব্ৰুৱাৰী মাহত (১৯৪১) কানি বৰ্জন উপলক্ষে অভিনয় কৰিবলৈ এখনি সৰু নাটকৰ প্ৰয়োজন হোৱাত, দৰং জিলাৰ ডেপুটি কমিশ্যনাৰ মৌঃ আটোৱাৰ ৰহমান চাহাবৰ ইচ্ছামতে চিনিয়ৰ ই, এ, চি, বাবু কুমুদ চন্দ্ৰ দত্ত আৰু আবকাৰী চুপাৰিণ্টেণ্ডেণ্ট মিঃ জে, চি, মিত্ৰই এই লেখকক তাৰ প্ৰণয়নৰ ভাৰ দিয়ে। সময় নিচেই তাকৰ হোৱাত, আৰু লেখকৰ শৰীৰো সুস্থ নথকাত প্ৰথমে তেওঁ তেনে দায়িত্ব ল’বলৈ অসম্মত হৈছিল, কিন্তু তেখেতসকলে কোনোমতে অব্যাহতি নিদিয়াত, অগত্যা তেওঁ একেৰাহে তিন দিন লাগি এই ক্ষুদ্ৰ পুথিখনি লিখি দিব লগাত পৰে। ডেপুটি কমিশনাৰ মহোদয়ে তেতিয়াই পুথিখন আবকাৰী কমিশ্যনাৰ বাহাদুৰলৈ ছিলঙ্গলৈ পঠায়। কমিশ্যনাৰে হেনো কিতাপখন পুলিচৰ অনুমোদন সাপেক্ষে ছপাই উলিয়াবলৈ নিৰ্দেশ দিয়ে। তাৰ পাচত বহুত দিন তাৰ কোনো সংবাদ পোৱাও নাছিলো, লোৱাও নাছিলো। যোৱা চেপ্টেম্বৰ মাহত আবকাৰী চুপাৰিণ্টেণ্ডেণ্ট মহোদয়ৰ পৰা নাটকখন ঘুৰাই পোৱা হ’ল আৰু লগত দিয়া চিঠিৰ পৰা বুজা গ’ল যে আগেয়ে কোৱাৰ দৰে কিতাপখন তেওঁলোকে ছপা নকৰে। আবকাৰী কমিশ্যনাৰে গ্ৰন্থকাৰলৈ ৫০৲ টকা পুৰস্কাৰ (honorarium) আগ বঢ়াই কিতাপখন গ্ৰন্থকাৰকে ছপাই উলিয়াবলৈ নিৰ্দেশ দিছে আৰু ছাপা হ’লে তাক ১৮৬৭ চনৰ “১৫নং বুক ৰেজিষ্ট্ৰেচন এক্টৰ” মতে শিক্ষাবিভাগৰ ডিৰেক্টৰ মহোদয়ৰ হতুৱাই ৰেজিষ্টৰি কৰাবলৈ কৈছে। সেইমতেই এতিয়া ইয়াক ছপাই উলিওৱা হ’ল।
নাটকখনৰ নাম প্ৰথমতে “উদ্বোধন” ৰখা হৈছিল আৰু সেই নামেৰেই সি গৃহীত হৈছিল। কিন্তু সেই নামটো ভাল নলগাত এতিয়া আবকাৰী কমিশ্যনাৰ মহোদয়ৰ অনুমোদন-সাপেক্ষে তাক “মুক্তিৰ অভিযান” লৈ পৰিবৰ্তন কৰা হ’ল।