সমললৈ যাওক

পৃষ্ঠা:মুক্তিৰ অভিযান.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৪ মুক্তিৰ অভিযান [তৃতীয় অঙ্ক

নিজৰ মাটি-ভেটিকে এৰি দিয়ে, তেও কাজিয়| নকৰে। তোমালোকে শুনিব পোবা বিলাতৰ ফালে বোলে ধেৱ| লাগিছে। তাত জার্মানী বুলি এখন দেশ আছে। এই দেশৰ মানুহবোৰে ফেপেৰি পাতি আনৰ লগত কীজিয়| কৰি ফুৰে, সিহঁতেই এতিয়| এই ধেৱাখন লগাইছে। লাটচাহাবে সেই দেখি আমাৰ ইয়াৰ গোটেইখিনি কানি জাৰ্ম্মানীলৈ চালান দিবৰ মতলব কৰিছে হ’ব পায়। কানি খালেই জাৰ্ম্মানইতৰ ধৰ্ম্মলৈ মতি হ’ব আক যু'জ- বাগৰে| এৰি পেলাব ।

ঠানুৰাম ।- হ’ব পায়, মোৰে| মনে ধৰিছে। আমাৰ ইয়াত গান্ধীয়ে যুদ্ধ গুচাব লাগে বুলি কয়, আকৌ কানি খাবলৈকো| হাক দিয়ে। গোটেই পৃথিবীতে কানি চলাই দিব পাৰিলেহে যে যুদ্ধ বন্ধ হ’ব, তেওঁ সেই কথাটোও নাজানে। লাট চাহাব গান্ধীতকৈ বুধিয়ক, সেই দেখি তেওঁ আচল কথাটে| ধৰিব পাৰিছে। নহ'বই বা কিয়, এনেয়ে সাগৰৰ সি পাৰৰ পৰা আহি ইয়াত বাইজ খাইছে নে?

গোলাই।-_যুদ্ধ বন্ধ কৰিবলৈ যদি কানি লাগে সৰহকৈ খেতি নকৰে কিয়? নহলে আমাকে খেতি কৰিবলৈ নিদিয়ে কিয়?

নেলাই।__সেইবোৰ কথাই আমাৰ গা-জুৰ নকৰে। এতিয়া ঠিক কৰা কি কৰা ভাল।