প্রথম দৃশ্য] মুক্তিৰ অভিযান ৫
এলুযুমিনিয়ামৰ কঁৰীয়া, তাতে এটা Baa পোৱা, গত ধুতী, এটা কোট, মূৰত গামোচাৰ পাগ )
সদ|।--হেৰ’, তই ক’ৰ লবা ?
লব ৷--দেউত|! মই সৌ ম’হমৰ| চাপৰিত থাকে৷ ৷ মোৰ নাম গোপাল, গক-ম’হ কেইজনীমান আছে, হুসেৰমান গাখীৰ ওলায়, তাকে বেচিবলৈ আনিছিলো। ( মগনীয়ালৈ চাই ) অ’ আমাৰ কানীয়| আতৈ দেখোন ! পিচে ক’ৰ পবা ?
সদ| ৷--ই কানীয়| নে কি? সি দেখোন বেমাৰ বুলি কৈছিল। ইয়াৰ ঘৰ ক'ত?
গোপাল iota অইন বেমাৰ নাই দেউতা, কানি খোৱাটোৱেই বেমাৰ । ঘৰ আমাৰ ওচৰতে ৷ কিয়, তাহানি দেউতা আমাৰ চাপৰিলৈ যাওঁতে ইহঁতৰ ঘৰতে বহিছিল নহয়। ই সেই মোলান বায়নৰ পুতেক থোলোক।
সনা।কি! মোলান বায়নব পুতেক ! মই দেখোঁতে দেখোন তাক হষ্টপুষ্ট দেখিছিলৌ, এতিয়া এই কেই বছৰৰ ভিতৰতে এইটে| হ’ল নে ? তাৰ ALATA গৰু-গাই, ধন-সম্পত্তি বহুত আছিল বুলি শুনিছিলে| ; সেইবোৰ কিহ’ল?
গোপাল ।--হয় দেউতা, আগেয়ে আছিল, এতিয়া একো নাই। কানিয়েই ইহঁতৰ কানি-কষ্ট। নোহোৱ| কৰিলে।
সদা |--বাপেকে জানে| কানি খাইছিল?