প্ৰথম অঙ্ক।
প্ৰথম দৃশ্য
সদানন্দ ফুকনৰ চ’ৰা।
সময়--ডেৰ পৰ।
খোটালীটোত এখন মেজ আৰু কেইখনমান চকী। বাৰত কেইখনমান মহৎ লে৷কৰ পট। সদানন্দ এখন চকীত বহি মেজত কিলাকুটি থৈ গালত হাত দি চিন্তিতভাবে থাকে। এনেতে কৃষ্ণানন্দ বৰুৱা, ফুকনে গম নোপোৱাকৈ সোমাই আহে।
| কৃষ্ণ।—
|
কি হে ফুকন, আজি দেখোন সদানন্দ গুচি নিৰানন্দ হৈছা! তলৰ মাটি ওপৰলৈ গুণিছা কি?
|
| সদা।—
|
আগেয়ে বহাঁ, তাৰ পাচত ক’ম
|
(কৃষ্ণানন্দ বহে।)
হেৰ’ শলীয়া!
| শলীয়া।—
|
( নেপথ্যত ) কি কৈছে দেউতা?
|
(শলীয়াই তামোলৰ বটা দি যায়, দুয়ো তামোল খায়।)
| কৃষ্ণ।—
|
এতিয়া কি ক’ম বুলিছিলা।
|
| সদা।—
|
ক’ম নো কি! দেখিছাই নহয়। কি কৰিলে এই মৰা দেশখন বচাব পাৰি তাৰ এটা উপায় বিচাৰি নাপালোঁ। প্ৰথমতে ভাবিছিলো আমাৰ দেশৰ
|