সমললৈ যাওক

পৃষ্ঠা:মুক্তিৰ অভিযান.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰথম অঙ্ক।
প্ৰথম দৃশ্য
সদানন্দ ফুকনৰ চ’ৰা।
সময়--ডেৰ পৰ।

 খোটালীটোত এখন মেজ আৰু কেইখনমান চকী। বাৰত কেইখনমান মহৎ লে৷কৰ পট। সদানন্দ এখন চকীত বহি মেজত কিলাকুটি থৈ গালত হাত দি চিন্তিতভাবে থাকে। এনেতে কৃষ্ণানন্দ বৰুৱা, ফুকনে গম নোপোৱাকৈ সোমাই আহে।

কৃষ্ণ।— কি হে ফুকন, আজি দেখোন সদানন্দ গুচি নিৰানন্দ হৈছা! তলৰ মাটি ওপৰলৈ গুণিছা কি?
সদা।— আগেয়ে বহাঁ, তাৰ পাচত ক’ম

(কৃষ্ণানন্দ বহে।)
হেৰ’ শলীয়া! 

শলীয়া।— ( নেপথ্যত ) কি কৈছে দেউতা?
সদা।— তামোল আন।
শলীয়া।— নিছোঁ দেউতা।

(শলীয়াই তামোলৰ বটা দি যায়, দুয়ো তামোল খায়।)

কৃষ্ণ।—

এতিয়া কি ক’ম বুলিছিলা।

সদা।— ক’ম নো কি! দেখিছাই নহয়। কি কৰিলে এই মৰা দেশখন বচাব পাৰি তাৰ এটা উপায় বিচাৰি নাপালোঁ। প্ৰথমতে ভাবিছিলো আমাৰ দেশৰ