পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
মিৰিজয়ৰী

আলু-কচু খাই পৰি থাকিল। গোটেই নিশা তাৰ চকুলৈ টোপনি নাহিল। সি তাৰ আগৰ অৱস্থা, এতিয়াৰ অৱস্থা গুণিব ধৰিলে। তাৰ লগে লগে পানেইনো কত আছে, সিনো কি মন্দ ভাগ্যত পৰ্ব্বতীয়া মিৰিৰ দেশ পালেহি এইবিলাক চিন্তি আকুল হল। একো একোবাৰ ভাবিবলৈ ধৰিলে যে তাৰ মৰাই ভাল; কিন্তু পানেইৰনো কি হল ইয়াৰ শেষ কথা নজনাকৈ মৰিবৰো ইচ্ছা নহ'ল। কান্দি কান্দি এই দুৰ্ভগীয়া মিৰি ডেকা পৰি থাকিল। পেটে পেটে আলচিলে যে সুযোগ পালেই সি পলাব।

 পিছদিনা ৰাতি পুৱাল; সেই পৰ্বতীয়া মিৰিঘৰে তাৰ কানি-কাপোৰবিলাক কাঢ়ি নিলে আৰু তাক সিহঁতৰ দৰেই এটা বেতৰ টুপী, একোছা বেতৰ কোধাৰি, এটা কপালত শলা পিন্ধিবলৈ দিলে। কপাল মূৰ থুকি সিও তাকে পিন্ধিলে। তেতিয়া সি আৰু আন আন কথাৰ পৰা বুজিব পাৰিলে যে সেই মিৰিঘৰে তাক সিহঁতৰ বন্দী বা চাকৰ কৰিলে। আৰু এইদৰে তাৰ চাৰিমাহ সময় গল। কপাল মূৰ থুকি পৰ্ব্বতীয়া মিৰিৰে দাসত্ব কৰি দিন নিয়াব ধৰিলে; কিন্তু সিহঁতৰ চকুৰ আগৰ পৰা পলাবলৈ সুবিধা কৰিব নোৱাৰিলে।

 জঙ্কিয়ে এইদৰে গাছি মিৰিৰ বেশ ধৰি এদিন পৰ্ব্বতৰ ওপৰত তাৰ গিৰিহঁতৰ ঘৰৰ মানুহ এটাৰে সৈতে আলু খেতিত কোৰ মাৰি আছে। এনেতে দেখে যে সিফালৰ পৰা এজাক মিৰিয়ে সিহঁতৰ মাজত তিনি চাৰিজনীমান মিৰিয়নী ধৰি বন্দী কৰি আনিছে। সি দেখি বুজিব পাৰিলে যে সেই মিৰিয়নীবিলাকক গাছিহঁতে আন এখন পৰ্ব্বতীয়া মিৰি গাঁৱৰ পাৰ চুৰ কৰি বা ডকা দি আনিচে। অলপ কৌতূকিত হৈ সিহঁতলৈ চাব ধৰিলে। দেখে যে সেই পৰ্ব্বতীয়া মিৰিহঁতৰ ভিতৰত তাৰ নিজা পানেইও আছে। তাৰ হৰ্ষ-বিষাদ সমান হল। যি পানেইক সি ভৈয়ামত চিকুণ চিকুণ ৰিহা-