পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
মিৰি-জীয়ৰী

পুৱালতে উত্তৰ ফাললৈ মুখ কৰি ভেবেলিচুকৰ (ক) ফাললৈ গল। গোগা-মুখলৈ যাবলৈ মন কৰি ভেবেলিচুকৰ হাবি সোমাইছে মাথোন, এনেতে কৰ পৰা কেনেকৈ পাঁচোটা গাছি মিৰিয়ে তাক বেঢ়ি পেলালে। মুখত সোপা দি কঁকালত ডোল লগাই টানি লৈ গ'ল। দিনৰ দিনটো সিহঁতে তাক হাবিৰ মাজে মাজে আৰু সুৰসুৰীয়া বাটেৰে লৈ যাব ধৰিলে। পাঠক! এইবাৰ যে তাৰ মনত কেনে লাগিল তাক বৰ্ণাই এটাব নোৱাৰি। সি ভাবিলে—সি নো কি জগৰ লগালে যে পৰ্বতীয়া গাছি মিৰিহঁতে তাক এনেকৈ ধৰিলে। ৰাতি হল, এজোপা গছৰ তলত গাছিহঁত নিশা থাকিল আৰু সিহঁতে ওৰে নিশাটো জঙ্কিক বেঢ়ি থাকিল। তাৰ হাতত যি টকা-কাড়ি আছিল তাকো আত্মসাৎ কৰিলে।

 পিছদিনা গাছি মিৰিহঁতে তাক পৰ্ব্বতৰ ওপৰলৈ তুলিলে। দুৰ্গম দুৰ্গম বাটেৰে নিবলৈ ধৰিলে। ঠায়ে ঠায়ে অসংখ্য নিজৰা বেতৰ সাঁকোৰে পাৰ কৰালে। তাৰ পাছত পৰ্ব্বতৰ ওপৰে ওপৰে পশ্চিম ফাললৈ লৈ গল। এইদৰে তিনি দিন তিনি নিশা অনাহাৰে গৈ চতুৰ্থ দিনা পৰ্বতৰ ওপৰত এখন গাওঁ দেখিলে। সি অনুমানতে বুজিব পাৰিলে সেইখন গাছি মিৰিৰ দেশ। সেই মানুহ পাঁচজনে তেতিয়া জঙ্কিৰ হাতৰ বান্ধ মোকোলাই দিলে। তাৰ পিছত এটাই তাক হাত বাও দি তাৰ ঘৰলৈ লৈ গল। প্ৰাণৰ আশাঙ্কাত সিও পাছে পাছে গল। সেই পৰ্বতীয়া মিৰিটোৱে তাক নি নিজৰ চাংঘৰত তুলিলে আৰু বিৰিং বাৰাং মাতেৰে সেই মানুহ ঘৰৰ আন আন মানুহবিলাকে সৈতে কথন-মথন কৰি তাক বহিবলৈ ইঙ্গিত কৰিলে। সি বহিল। তাৰ পাছত কেতখিনি সিজুৱা আলু-কচু, কেডোখৰমান শুকান মঙ্গহেৰে সৈতে তাৰ আগত দিলে। মনত বৰ দুঃখ থাকিলেও পেটৰ পোৰণিত অথিৰ হৈ তাৰে কেতখিনি


 (ক) এই নামেৰে লক্ষীমপুৰ ববালনী মৌজাৰ উত্তৰ ফালে এডোখৰ ঠাই আছে।