পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চতুৰ্দ্দশ অধ্যায়

জঙ্কি

 জঙ্কিয়ে আজি চাৰিদিনে পানেইক বিচাৰিবলৈ কম নকৰিলে। দিনে-ৰাতিয়ে লঘোণ-ভোক খাটিও হাবিয়ে-বননিয়ে, গাঁৱে-ভূঁইয়ে তাইক বিচাৰিলে; কিন্তু কতো তাইৰ বাতৰি নাপালে। হাবি পালেই সি একো একোবাৰ আলচিব ধৰিলে যে সি নিজৰ দেহটো এৰাই ভাল; কিন্তু তেতিয়া তাৰ মৰিবলৈকো ইচ্ছা নহল; পানেইৰনো কি হল এই কথা ফাকি জানিহে তাৰো এক দফা কৰা উচিত সি এইটো বিবেচনা কৰিবলৈ ধৰিলে।

 এই বিবেচনাকে মনত সাৰোগত কৰি সি বিচাৰিবলৈকে ধৰিলে। অৱশেষত কি তড়িৎ শক্তিৰ বলতনো পানেই নিশা যি মানুহৰ ঘৰত আছিল তাতে সিও চাপিলগৈ। আৰু গৈয়েই খবৰ পালে যে সি যেনেকুৱা বিৱৰণ দিছে তেনেকুৱা বিধৰ এজনী গাভৰু সি পোৱাৰ দুদিনৰ আগেয়ে তালৈকে গৈছিল। নিশা সিহঁতৰ ঘৰতে আছিল। তাৰ পাছতনো কলৈ গল সিহঁতে কব নোৱাৰে। সিহঁতৰ এই কথাত জঙ্কিৰ পানেইক পাবৰ আশা অলপ বলৱতী হল। সিও ৰাতি চাইদাৰ সেই মানুহৰ ঘৰতে থাকিল; আৰু