আমাৰ জঙ্কিও কাপুৰুষ নহয়। সিও মিৰিৰ লৰা। সিও বলিষ্ঠ। আগ-গুৰি পৰিণাম নাভাবি সিংহ বিক্ৰমেৰে কমুদক গলত টেপা মাৰি ধৰিলে। দুয়োৰো দবৰা-দবৰি লাগিল। জঙ্কিয়ে কমুদক জোৰেৰে মাটিত আচাৰ মাৰি পেলাই লৈ বুকুত বহি দুই-তিনি কিল মাৰিবলৈ ধৰিছে এথোন, এনেতে আনবিলাক মিৰিয়ে তাক ধৰি বগৰাই পেলালে আৰু ই চৰ, সি ভুকু ইত্যাদি মাৰিবলৈ ধৰিলে। জঙ্কিয়েও প্ৰাণপণে যুঁজিলে। পানেয়ে “আই ঔ চেনেঙক মাৰিলে’’ বুলি বুকুত ভুকুৱাবলৈ ধৰিলে। চিঞৰত গগন ফাটি গল। তাই কেঁচু-কুমতিৰ দৰে দেহটো আঁজুৰিবলৈ ধৰিলে। যা হক জঙ্কিক বেছি কৰি মাৰিবলৈ নৌপাওঁতেই সিফালৰ পৰা ডালিমীৰ বাপেককে প্ৰমুখ্য কৰি ঘূণাসুঁতিৰ মিৰি জাক ওলালহি আৰু ডালিমীৰ বাপেকে কলে,—“এইবিলাক কিলোৱা-কিলি কিহৰ? কি কথা তহঁতে পাতিছ? অকল দেখি সেই কেৱো-কিছু নোহোৱা ল'ৰাটোক তহঁতে মাৰিবলৈ ধৰিছ; কিন্তু তহঁতে জানিলিনে যে তাৰ সলনি কোনেও নাৰাজিব? যদি দোষ হৈছে, দোষ কৰিছে, তেন্তে তহঁতে দস্তুৰমতে গোচৰলৈ যা। মাৰ-কিলোৱা কিহৰ।’’ ডালিমীৰ বাবেকৰ এই কথাত মাৰ-কিল বন্ধ হল। তেতিয়া পানেইক হাতত ধৰি কমুদে টানিব ধৰাত জঙ্কিয়ে আকৌ বজ্ৰ-গম্ভীৰ স্বৰে কলে—“কমুদ জীয়াই থাকিব খোজ যদি মোৰ পানেইৰ হাতত তই নধৰিবি। বাপেকে ধৰক।’’ তাই এই কথাত ডালিমীৰ বাপেকেও মত দিলে। তেতিয়া জাকে সৈতে সকলো মিৰি হাবিৰ পৰা ওলাই আহি ঘূণাসুঁতিৰ মিৰি গাঁৱত মেলত বিহলগৈ। ডালিমীয়ে জঙ্কিৰ গালখন অলপ উখহা দেখি এধাৰ চকুলো টুকিলে; কিন্তু তত্ক্ষণাৎ তাই নিজৰ কৰ্তব্য বুজি পানেইক ভিতৰলৈ নি খাবলৈ ববলৈ দিলে। ঘূণাসুঁতিৰ মিৰিহঁতৰ গাঁৱত বেবেৰিবাং মেল বহিল, কিন্তু মেল নিছিগিল।
পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৬৪
অৱয়ব