পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 সোৱণশিৰী নৈখন বহলে ব্ৰহ্মপুত্ৰৰ পাঁচ জোখৰ এজোখমান হৱ। ব্ৰহ্মপুত্ৰৰ পানীতকৈ ইয়াৰ পানী নিৰ্ম্মল। যিমান ওপৰৰ ফাললৈ যোৱা যায়, ইয়াৰ পানী সিমান নিৰ্ম্মল পোৱা যায়। আনকি ওপৰৰ ফালে পানী ইমান ফটফটীয়া যে তললৈকে দেখি। এই পানীৰ লগত ঠায়ে ঠায়ে অলপ সোণ মিহলি আছে। আগেয়ে সোৱণশিৰী অসমৰ এখন প্ৰধান সোণ কমোৱা নৈ আছিল। আজি-কালিও ঠায়ে ঠায়ে সোৱণশিৰীৰ পানীত সোণৰ ৰেণু আছে। কিন্তু আজি-কালি অসমীয়া মানুহে সোণ ধুবলৈ এৰিছে। বৃত্তিটো বৰ কষ্টকৰ, লাভ নহয়। কপালত থাকিলেহে এমাহ বালি ধুই এসিকি সোণ উলিয়াব পাৰি। আগেয়ে ৰজাৰ দিনত ধান-চাউল বৰ সস্তা আছিল। এসিকি সোণেৰেই এপৰিয়াল মানুহৰ গোটেইটো মাহ খাবলৈ আঁটিছিল। কিন্তু আজি-কালি পাঁচ ছয় টকা ৰূপ নহলে এটা মানুহকে খাবলৈ নটাত পৰিল। সেইদেখি আজি-কালি অসমীয়া মানুহে বাধ্য হৈ এনেবিলাক বৃত্তি এৰি পেলাইছে। কিন্তু আজি-কালিও সোৱণশিৰী আইৰ দুখীয়া অসমীয়া মানুহক সোণ দান কৰা পুণ্য ফাঁকি ৰহিত হলেও, আইৰ আন আন গুণ সকলো আগৰ দৰেই আছে। সেই কাৰণে আৰু তেওঁৰ শীতল সুকোমল বেথালগা আদৰতেই অসমীয়া মানুহে এতিয়াও আইক বখানিবলৈ এৰিব পৰা নাই। আইৰ ৰূপৰো সীমা নাই। কতবা বৰ বিতোপন বিতোপন হাবিৰ মাজেদি বাগৰিছে। কতবা গাৱঁৰ মাজেদি গৈ পাৰত থকা মানুহবিলাকক তেওঁৰ শীতল বতাহ আৰু নিৰ্ম্মল পানী দি দেহে মনে ভালে ৰাখিছে।

 আইৰ অসমীয়া মানুহতকৈ পৰ্ব্বতৰ পৰা অহা সৰল ভাবৰ মিৰি মানুহবিলাকৰ ওপৰত চেনেহ বেছি। স্বভাৱৰ এই অজলা-আজলী ল’ৰা-ছোৱালী মিৰি জাতিয়ে আইক এৰি কেতিয়াও থাকিব