পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰথম অধ্যায়

নৈৰ পাৰত

 ই অসম দেশৰ লক্ষীমপুৰ জিলাত সোৱণশিৰী নামেৰে এখন নৈ আছে। এই নৈখন অসমৰ উত্তৰত থকা মিৰি আৰু ডফলাৰ পৰ্ব্বত-লানীৰ পৰা ওলাই উত্তৰ লক্ষীমপুৰৰ মাজেদি বাগৰি মাজুলীৰ খেৰকটীয়া নৈত পৰিছেগৈ। খেৰকটীয়া এখন বেলেগ নৈ নহয়। ব্ৰহ্মপুত্ৰ্ৰ ঠাল এটা মাথোন। ঘাই ব্ৰহ্মপুত্ৰৰ পৰা ফাটি আহি সোৱণশিৰীত পৰিছে। আজি কালিও লক্ষীমপুৰ আৰু মাজুলীৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ ভিতৰত এনেকুৱা প্ৰবাদ আছে যে ব্ৰহ্মপুত্ৰ বাবাই আগবাঢ়ি আহি, তেওঁৰ পৰম ৰূপৱতী সৰ্বগুণে বিভূষিতা ভাৰ্য্যা সোৱণশিৰীক বাটৰে পৰাই আদৰি নিছে। যি ঠাইত সোৱণশিৰী আৰু খেৰকটীয়া লগ লাগিছে, সেই ঠাইৰে পৰা যিখন নৈ হৈছে তাৰ নাম লুইত। লুইত লক্ষীমপুৰ আৰু মাজুলীৰ মাজেদি বাগৰি পচিম মুখে ব্ৰহ্মপুত্ৰত পৰিছে।