৮৯ মিলম-মন্দিৰ বাউলি কান্দোন দেখি কেটেলৰ হিয়া পমি গ'ল,- চকু জোৰ চকুলোৰে পূৰ হ’ল |
কেটেল অৱশ্যে বিপক্ষৰ মানুহ কিন্তু হলে কি হব ? জেৰাৰ্ডৰ ভয়ানক শোচনীয়। মৃতপ্রায় অৱস্থাই আৰু মার্গেৰেটৰ অন্তর্জেদী হা-হুমুনিয়হে কেটেলৰ মন ঘূৰাই দিলে। এনে অৱস্থাত জানো কোনো মান্তহৰ শত্ৰুৰ প্রতি শত্ৰুভাৱ থাকে ? জেৰার্ড কেটেলব শক্রবে বা কিহৰ? ঘাইছত্রেটৰ অত্যাচাৰ, উৎপীড়নত সকলো মানুহ অসন্তুষ্ট । জেৰাৰ্ডৰ বিপক্ষে যে চলিছে, সি কেৱল জীৱনৰ দায়ত আৰু একমাত্র ধনৰ লোভত | কাজেই নিজ চকুৰ আগতে এনেবোৰ মন্মরভেবী আকম্মিক অঘটন ঘটা দেখি কেটেলৰ মনৰপৰা সকলো কুভাৱ দূৰ হ’ল | কেটেলে সকলো! ঘটনা বুজিলে । ততালিকে এখন আচ্টাঁ জেবার্ডৰ নাকৰ আগতে ধৰিলে নি-_-আচ্চাঁখন মলিয়ন পৰি গ'ল | “তেনে- হলে জেবার্ডৰ প্রাণপখী এতিয়াও wets বাহিৰ হোৱা নাই--> বুলি কৈয়ে সি পথাৰৰ ফালে ঢাপলি ধৰিলে 1 পাঁচ মিনিটমান পিছতে কিছুমান গছ-গছনিৰ পাত হাতত লৈ ঘটনা স্থলত উপস্থিত হ’লহি ৷ সেই পাতবোৰ মোহাৰি evi কৰিলে আৰু জেবাডৰ নাকব ওচৰতে ধৰিলেগৈ 1 দুই কি তিনি মিনিটমান পিছতে জেবার্ডে দীঘলকৈ হুমুনিয়াহ এটা কাঢ়িলে । আকৌ ধৰিলে, আকৌ হুমুনিয়াহ কাঢ়িলে--জেৰাৰ্ডৰ সংজ্ঞা আহিল । এনেকৈ কুৰি মিনিটমান সেই ওবধ নাকৰ ওচৰত ধৰাত CHANG “প৷--নী, পা--নী” বুলি পানী খুঞিবলৈ ধৰিলে |