সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬০
মিলন-মন্দিৰ
 

চিত্ৰ বিদ্যাত কোনো উন্নতি কৰিব নোৱাৰিবা; কিন্তু তুমি যদি চিত্ৰ বিদ্যাৰ ঘাই ঠাই ইটালীলৈ যোৱাগৈ তেন্তে তাত তোমাৰ নাম দুদিনতে ছাটি ফুটি যাব; তোমাৰ ধন-যশ, মান সকলো বাঢ়িব।

 জেৰাৰ্ড –এৰা আই! মোৰো ইটালীলৈ যোৱাটো জীৱনৰ এটা ঘাই অভিলাষ। সৰু কালৰে পৰা সদায় ইটালীলৈ যাম বুলি কত আশা, কত হেপাহ ইমান কষ্ট সহিও পুহি আছোঁ। কিন্তু মেডাম বাট খৰচেই হৈছে আচল বিধি-পথালি।

 জেৰাৰ্ড ৰ কথা শুনি ভান্ আইকে দুগুণ উৎসাহেৰে জেৰাৰ্ডক সাহ দি কলে – কোনো ভয় নাই জেৰাৰ্ড। ইটালীলৈ যাওঁতে সামান্য ধন খৰচ হব, তাৰ নিমিত্তে তোমাৰ ইমান চিন্তা ভাৱনা? বাৰু তাৰ বাবে ম‍ই দায়ী। তুমি আগৈয়ে মাৰ্গেৰেটক ইটালীলৈ যাবলৈ মান্তি কৰোৱাগৈ; তাৰ পাচত যি যি কৰিব লাগে মই আছো।

 ভান আইকে জেৰাৰ্ডক বহুতো সাৰুৱা উপদেশ দিলে। কেনেকৈ নতুন চিত্ৰ আঁকিবলৈ আৰম্ভব কৰিব লাগে, কেনেকৈ ৰহণ তৈয়াৰ কৰিব আৰু শুকুৱাব লাগে, কি কাৰণে সকলো চিত্ৰকৰে ৰহণ তৈয়াৰ কৰিব নেজানে আৰু দিবও নোৱাৰে, বা দিলেও চিত্ৰ কুৎচিত হৈ যায় ইত্যাদি ইত্যাদি এজন চিত্ৰকৰৰ সমুদায় লাগতিয়াল ভাল ভাল উপদেশ দিলে। কথা শুনি জেৰাৰ্ড আনন্দিত হ'ল। জেৰাৰ্ডে হাঁহি হাঁহি বিদায় লৈ চেভেন বাৰ্গেনলৈ বেগ দিলে।

⸻