সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মিলন-মন্দিৰ
৫৭
 

 সেই দিন ধৰি টাৰ্গোৰ এলিৰ ঘৰৰ পৰা শান্তিয়ে বিদায় ললে; তাৰ ঠাইত অশান্তি বিৰাজ কৰিলেহি। জেৰাৰ্ডৰ মনত সেই চিৰ সুখৰ ঘৰ বিহ যেন লাগিল। এলিয়ে কেথেৰিণকে প্ৰমুখ্য কৰি ঘৰৰ সকলোকে কৈ গ'ল- যদি মোৰ বিনা অনুমতিত, মোৰ অনুপস্থিতিত মোৰ ইচ্ছাৰ বিৰুদ্ধে জেৰাৰ্ডে মাৰ্গেৰেটক বিয়া কৰায় তেন্তে ঘাইছ্ ব্ৰেট্ বাৰ্গোমাষ্টৰে মোৰ সলনি তাক মই নহালৈকে ফাটেকত বন্দী কৰি থব পাৰিব। এই পৰামৰ্শ তেওঁ বাৰ্গোমাষ্টৰকো দিলে, বাৰ্গোমাষ্টৰৰ আনন্দৰ ঠাই নোহোৱা হ'ল। কেদিনমান পিচতে এলি চাহাব বেপাৰ কৰিবলৈ আনফালে গুচি গ'ল।

 বাপেকৰ কঠোৰ আদেশ শুনি জেৰাৰ্ডৰ হিয়া ভাগি গ'ল। তেওঁ খঙতে অস্থিৰ হৈ কৈ গ'ল — যদি সেয়ে হয়, তেনেহলে মাৰ্গেৰেট জীয়াই থাকে মানে ময়ো আৰু ধৰ্ম্মযাজক নহওঁ | এই বুলি কৈ একে চাবেই তেওঁ ভান্ আইকৰ ওচৰত উপস্থিত হলগৈ।

 জেৰাৰ্ডৰ মলিন আৰু বিষণ্ণ বদন দেখি ভান্‌ আইকে সুধিলে, — মাষ্টাৰ জেৰাৰ্ড, তোমাৰ আজি মুখ খন এনেকুৱা মলিন কিয়?

 জেৰাৰ্ডে ভান্‌-আইকৰ কথাৰ উত্তৰ নিদি কলে – মেডাম, তুমি মোৰ দ্বিতীয়া মাতৃ। মই এটা বৰ দোষ কৰিছো। বোধহয় ভান আইকৰ কোনো কথা অবিদিত নাছিল, সেই