সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৫
মিলন-মন্দিৰ
 

ছবি – বাৰ্গো মাষ্টৰে গহীনকৈ উত্তৰ দিলে। কেথেৰিণ খঙতে ৰঙা পৰিল। এনেতে এজন ওচৰ চুবুৰীয়া বুঢ়া মানুহ ভিতৰতলৈ সোমাই আহিল। কেথেৰিণে কলে – বন্ধু, চোৱাচোন বাৰ্গোমাষ্টৰে আমাৰ জেৰাৰ্ডৰ নামে এইবোৰ কি অপযশ ৰটিব ধৰিছে।

 — এৰা ভালেই হৈছে; তেওঁ মাৰ্গেৰেটক ভালকৈ চিনি পায়। চোৱাচোন বন্ধু. চোৱাঁ এইখন কাৰ ছবি।

 বুঢ়াজনে ছবিখন হাতত লৈয়ে উত্তৰ দিলে,—এইখন মাৰ্গেৰেটৰ ছবি। এনেতে এলি চাহাব ভিতৰলৈ সোমাই আহিল। তেওঁ সমুদায় ঘটনা শুনি ললে। এলি চাহাবৰ মতি-গতি বুজা টান! তেওঁ ছবিখন লুটিয়াই লুটিয়ায় ভালকৈ চালে। অলপ বেলি নিমাত থাকি মেজত থপৰিয়াই থপৰিয়াই কবলৈ ধৰিলে, – বি-য়া -? কেতিয়াও হব নোৱাৰে। জেৰাৰ্ড আমাৰ সুপুত্ৰ; সি কেতিয়াও আমাৰ অবাধ্য নহয়, হোৱা নাই, নহবও। এতিয়া জেৰাৰ্ড ক'ত?

 বাৰ্গোমাষ্টৰে টপৰকৈ জোৰা লগাই দিলে,চেভেনবাৰ্গেনত মাৰ্গেৰেটৰ লগত।

  •  * *

 সভা ভঙ্গ হ'ল। ৰাতি ৯৷১০ বজাত এলি আৰু কেথেৰিণে খোৱা-বোৱা শেষ কৰিলে। জেৰাৰ্ড তেতিয়াও ঘৰলৈ উলটি নহা দেখি দুয়ো চেভেনবাৰ্গেনৰ বাটেদি খোজ ললে।

 সিদিনাখন জেৰাৰ্ড আন দিনাতকৈ বেছি ৰাতিকৈ ঘৰলৈ উভতিছে। জেৰাৰ্ডৰ মনত আনন্দ ঠায়ে নধৰা হৈছে।