সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মিলন-মন্দিৰ
৫৪
 

ঘৰৰ ভিতৰলৈ সোমাই আহিল। কেটহঁতে লৰালৰিকৈ ছবিখন লুকাই থোৱা দেখি তেওঁ কিবা সন্দেহ কৰি সুধিলে—সেইখন কিহে? কিন্তু কাৰো পৰা একো উত্তৰ নাপালে। এইবাৰ কেথেৰিণৰ ফালে চাই সুধিলে, – তোমালোকৰ জেৰাৰ্ড কলৈ গৈছে? তাক দেখোন এদিনো ঘৰত লগেই নাপাওঁ। সি সদায় দিন-ৰাতি চেভেন বাৰ্গেনত পিটাৰৰ ঘৰত থাকে নেকি?

 তেওঁ ভাবিছিল আৰু আশাও কৰিছিল যে ঘাইকৈ কেথেৰিণৰ পৰা কিবা এটা সমচাৰ পাব, কিন্তু সিটো নহ'ল। কথা শুনি কেথেৰিণৰ খঙহে উঠিল। তেওঁ কলে —বাৰ্গোমাষ্টৰ, আপুনি এনেকৈ মিছাকৈয়ে লৰাজনৰ সদায় বদনাম ৰটি ফুৰে কিয়? জেৰাৰ্ড তেনেকুৱা স্বভাৱৰ লৰা নহয়। সি এজনী সামান্য ছোৱালীৰ ৰূপত ভোলগৈ দিনে ৰাতি ঘৰ-দুৱাৰ এৰি টলৌ টলৌকৈ ঘূৰি ফুৰিবনে! বিশেষতঃ সি অলপতে এজন জনা শুনা ধৰ্ম্ম যাজক হবগৈ! ছিঃ ছিঃ এনে কথা নকব। চাওকচোঁন— এইখন কাৰ ছবি! মেৰী আইৰ ছবি নহয়নে?

 বাৰ্গোমাষ্টৰ – এৰা, এইখন মেৰী আয়েৰাৰ ছবি! বেছ চিনিছা। হুঁ, হুঁ মেৰী আইৰ ছবি! এয়ে সেই—মা—ৰ্গে—ৰে–ট–ৰ— ছবি।

 কেথেৰিণ – মাৰ্গেৰেটৰ ছবি? কেতিয়াও নহয়, এইখন মেৰী আইৰ ছবি।

—— নহয়। এইখন চেভেনবাৰ্গেনৰ পিটাৰৰ জীয়েক মাৰ্গেৰেটৰ