সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মিলন-মন্দিৰ
৫০
 

হলে নেদেখিলোঁ। তাকে শুনি মাৰ্গেৰেটে জেদ কৰি কৈ উঠিল— মিছা কথা। কেলেই, তাত এজন বুঢ়া চাকৰ থিয় হৈ থকা নাছিল নে?

 জেৰাৰ্ডে আচৰিত হৈ কলে—ক’তা, তাত দেখোন কোনো নাছিল! কেৱল এজন মানুহ আমি বহা ঠাইৰ পৰা বহু দূৰৈত তত্ হেৰাই পৰি আছিল।

 মাৰ্গেৰেটে কথা বুজিলে। কিছু সময় মনে মনে থাকি কলে, – অ, কথা বুজিছে৷। বাৰু, যি হবৰ হৈ গ'ল, এতিয়াব সেইবোৰ এৰি পেলোৱা। কিন্তু মাষ্টাৰ জেৰাৰ্ড, তেতিয়াৰেপৰা মোৰ মনটো হলে উৰুঙা উৰুঙা যেন লাগিছে, মনত অলপো সুখ শান্তি নোহোৱা হৈছে। সঁচাকৈয়ে জেৰাৰ্ড, তোমাক নেদেখি মনটো বৰ কেনেবা কেনেবা লাগি আছে।

 জেৰাৰ্ডৰ অভিমান শীত হ'ল, মাৰ্গেৰেটৰ অন্তৰো জুৰ পৰিল। তাৰ পিচত জেৰাৰ্ড আৰু মাৰ্গেৰেটৰ মাজত নানা ৰকম হাঁহি-খিকিন্দালিৰে ৰহস্যালাপ হবলৈ ধৰিলে। এনেতে ফাদাৰ পিটাৰ বাহিৰৰ পৰা ফুৰি আহিল। জেৰাৰ্ৰ্ক দেখ সাবট মাৰি ধৰি কুশল বাতৰি সুধিলেহি। জেৰাৰ্ডেও নিজৰ শুভাশুভ বাতৰি জনালে। বৃদ্ধ পিটাৰে পুৰণি বন্ধু পুত্ৰতুল্য পৰম উপকাৰী জেৰাৰ্ডক বহুদিনৰ মূৰত লগ পাই বৰ সুখ পালে আৰু নানা ৰকম কথাবাৰ্ত্তা আৰম্ভ কৰিলে।

 কথাই কথাই সন্ধিয়া অতীত হ'ল। পিটাৰে জেৰাৰ্ডক সান্ধ্যভোজন কৰিবৰ নিমিত্তে অনুৰোধ কৰিলে। জেৰাৰ্ড