সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মিলন-মন্দিৰ
৪৭
 

 – ভাল, পাৰিম কিন্তু খাটনিৰ বাবে কি দিব?

 বাৰ্গোমাষ্টৰে গম্ভীৰভাৱে উত্তৰ দিলে, — কাগজ আৰুপ চিয়াঁহীৰ বাবে যিখিনি খৰচ হয় সেইখিনিহে পাবি।

 — মোৰ পৰিশ্ৰম আৰু সময়ৰ বাবে?

 বাৰ্গোমাষ্টৰৰ খং উঠিল – তোৰ সময় আৰু অসময় কি অ? বুলি চকু পকাই জেৰাৰ্ডৰ ফালে চাই কবলৈ ধৰিলে,—ক, তেনেহলে মই কৰিব নোৱাৰোঁ মই এলেহুৱা মানুহ। অ বুজিছোঁ, মহা প্ৰেমিক হৈছ? তোৰ ভেলটোহে ইয়াত, কিন্তু মনটো আছে দিন-ৰাতি পিটাৰৰ জীয়েক মাৰ্গেৰেটৰ চৰণত, নহয় জানো?

 জেৰাৰ্ডে খঙতে ৰঙাপৰি কলে – মই, সেইবোৰ পিটাৰ টিটাৰ একো নাজানো।

 — মিছলীয়া। সিদিনাখন ৰটাৰ্ডামলৈ যাওঁতে তোক আলিৰ দাঁতিতে পিটাৰ মাৰ্গেৰেটৰ লগত দেখা নাইনে?

 — তাৰ পাচত?

 — আন কি সিদিনাখন তোক পিটাৰৰ ঘৰতে দেখা নাই নে?

 — ক'ত দেখিছিলা, চেভেন বাৰ্গেনত?

 – হু, চেভেন বাৰ্গেনত।

 জেৰাৰ্ড খঙতে অস্থিৰ হ'ল। বেছি সময় থিয়দি থাকিব নোৱাৰি জমীদাৰক কলে— বাৰ্গোমাষ্টৰ, মই এবছৰ নহয়