– ভাল, পাৰিম কিন্তু খাটনিৰ বাবে কি দিব?
বাৰ্গোমাষ্টৰে গম্ভীৰভাৱে উত্তৰ দিলে, — কাগজ আৰুপ চিয়াঁহীৰ বাবে যিখিনি খৰচ হয় সেইখিনিহে পাবি।
— মোৰ পৰিশ্ৰম আৰু সময়ৰ বাবে?
বাৰ্গোমাষ্টৰৰ খং উঠিল – তোৰ সময় আৰু অসময় কি অ? বুলি চকু পকাই জেৰাৰ্ডৰ ফালে চাই কবলৈ ধৰিলে,—ক, তেনেহলে মই কৰিব নোৱাৰোঁ মই এলেহুৱা মানুহ। অ বুজিছোঁ, মহা প্ৰেমিক হৈছ? তোৰ ভেলটোহে ইয়াত, কিন্তু মনটো আছে দিন-ৰাতি পিটাৰৰ জীয়েক মাৰ্গেৰেটৰ চৰণত, নহয় জানো?
জেৰাৰ্ডে খঙতে ৰঙাপৰি কলে – মই, সেইবোৰ পিটাৰ টিটাৰ একো নাজানো।
— মিছলীয়া। সিদিনাখন ৰটাৰ্ডামলৈ যাওঁতে তোক আলিৰ দাঁতিতে পিটাৰ মাৰ্গেৰেটৰ লগত দেখা নাইনে?
— তাৰ পাচত?
— আন কি সিদিনাখন তোক পিটাৰৰ ঘৰতে দেখা নাই নে?
— ক'ত দেখিছিলা, চেভেন বাৰ্গেনত?
– হু, চেভেন বাৰ্গেনত।
জেৰাৰ্ড খঙতে অস্থিৰ হ'ল। বেছি সময় থিয়দি থাকিব নোৱাৰি জমীদাৰক কলে— বাৰ্গোমাষ্টৰ, মই এবছৰ নহয়