সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৪ মিলন-মন্দি | এলি আৰু কেথেৰিণ হুয়ো আনন্দতে উত্ৰাৱল হ'ল। তেওঁলোকৰ গা সাত খন যেন লাগিল । তেওঁলোকৰ প্ৰিয়পুত্ৰ জেবার্ড ধৰ্ম্মযাজক হব--কি সৌভাগ্য ! কি গৌৰৱৰ কথা ! আহা! ঘি খিতাপ পদবী পাবৰ নিমিত্ত হাজাৰ Zeta মান্তহ ব্যাকুল, যাক হাজাৰ চেষ্টা কৰিলেও পোৱা টান তেনেহেন জীৱনৰ উপায় আৰু গৌৰৱান্বিত পদবী আজি স্বপুত্র জেৰাড'ৰ ওপৰত অযাচিত ভাৱে অপিত হৈছে। ইয়াতকৈ আৰু কি সুখ, কি সৌভাগা আছে ? এই শুভ সংবাদ কেউকালে জনাজাত হ'ল- জেবা” অল- পতে টার্গো। নগৰৰ ধৰ্ম্মযাজক হব। সকলোৱে শুনি আনন্দিত: হ’ল, কিন্তু টার্গোৰ এজনৰ মনত এই সংবাদ শেল যেন বাঞ্জিল, তেওঁৰ চকুত দিন ৰাতি টোপনি নোহোৱা হ'ল। জমীদাব ঘাইছ ব্ৰেট, বাউল হৈ উঠিল |