সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪
মিলন-মন্দিৰ
 

 এলি আৰু কেথেৰিণ দুয়ো আনন্দতে উত্ৰাৱল হ'ল। তেওঁলোকৰ গা সাত খন যেন লাগিল।

 তেওঁলোকৰ প্ৰিয়পুত্ৰ জেৰাৰ্ড ধৰ্ম্মযাজক হব --কি সৌভাগ্য! কি গৌৰৱৰ কথা! আহা! যি খিতাপ পদবী পাবৰ নিমিত্তে হাজাৰ হাজাৰ মানুহ ব্যাকুল, যাক হাজাৰ চেষ্টা কৰিলেও পোৱা টান তেনেহেন জীৱনৰ উপায় আৰু গৌৰৱান্বিত পদবী আজি সুপুত্ৰ জেৰাৰ্ডৰ ওপৰত অযাচিত ভাৱে অৰ্পিত হৈছে। ইয়াতকৈ আৰু কি সুখ, কি সৌভাগ্য আছে?

 এই শুভ সংবাদ কেউফালে জনাজাত হ'ল—জেৰাৰ্ড অলপতে টাৰ্গো নগৰৰ ধৰ্ম্মযাজক হব। সকলোৱে শুনি আনন্দিত হ’ল, কিন্তু টাৰ্গোৰ এজনৰ মনত এই সংবাদ শেল যেন বাজিল, তেওঁৰ চকুত দিন ৰাতি টোপনি নোহোৱা হ'ল।

 জমীদাৰ ঘাইছ ব্ৰেট বাউল হৈ উঠিল।


⸻