জেৰাৰ্ড ৰটাৰ্ডমৰ পৰা ভালে কুশলে উলটি অহাত মাক-বাপেক, ভাই-ভনী আটায়ে আনন্দত নাচিবলৈ ধৰিলে। আটাইতকৈ জেৰাৰ্ডৰ বেছি মৰমৰ আছিল — বাওনা জাইল আৰু অকৰ্ম্মণ্য মিছ কেট্। ইহঁত আনন্দতে বিভোৰ। ককায়েক আহি পোৱা মাত্ৰকে সিহঁতে তেওঁক কি বুলি মাতিব, কি বস্তু খাবলৈ দিব, কি কি কথা সুধিব বিচাৰি নোপোৱা হ'ল। জেৰাৰ্ডে ও দুয়োকো দুহাতে ধৰি কোলাত সুমাই লৈ হেপাহ পলুৱাই চুমা খালে। তাৰ পিচত দুয়োৰে হাতত দুটা দুটাকৈ সোণৰ মোহৰ দি বিদায় দিলে। সিহঁতে ককায়েকৰ পৰা আগেয়ে কেতিয়াও একেলগে নোপোৱা সোণৰ মোহৰ হাতত পাই আনন্দতে নাচি নাচি একে কোবেই হিংসুক প্ৰকৃতিৰ চিব্ৰাণ্ট আৰু কৰ্ণেলিছৰ ওচৰ পালেগৈ আৰু সিহঁতক ঠাট্টা বিদ্ৰূপ কৰি মোহৰ কেইটা সিহঁতৰ আগতে ধৰিলেগৈ। সিহঁতৰ অন্তৰত দপদপকৈ হিংসা অগনি জ্বলি উঠিল। আগৰ পৰাই সিহঁতে জেৰাৰ্ডক ভাল নাপায়, জেৰাৰ্ডে ও সিহঁতৰ বিচাৰ নলয়। তাতে আকৌ এই ঘটনাত সিহঁতৰ হিংসা অগনি দুগুণে জ্বলি উঠিল। জেৰাৰ্ডে ঘটনা বুজিব পাৰি সিহঁতক ওচৰলৈ মাতি আনিলে আৰু সিহঁতৰ হাততো একোটা সোণৰ মোহৰ পেলাই দিলে। সিহঁতে লওঁ নলওঁকৈ ধনৰ লোভ সামৰিব নোৱাৰি মোহৰ কেইটা হাতত লৈ হাঁহি একোটা মাৰি গুচি গ'লগৈ।
পৃষ্ঠা:মিলন মন্দিৰ.pdf/৫২
অৱয়ব