আৰু যি জাতিয়ে মানুহক আপোন-পাহৰা কৰি আনন্দত ডুবাই ৰাখিব পাৰে, যি জাতিয়ে মানুহক সকলো স্বৰ্গসুখ পৃথিৱীতে দিব পাৰে, নিজৰ সেই স্ত্ৰী-জাতিক ত্যাগ কৰা কথা ভাবি চকু চলচলীয়া কৰিলে। শেহত মনৰ সকলো ভাব দমাই ৰাখি, কলে — বাৰু সি যি কি নহওক, তোমাক দূৰ দেশলৈ নপঠাই বন্ধু বান্ধৱৰ ওচৰতে ৰখা হব। তোমাৰ মাৰা আছেনে?
- হয় মেডাম, আছে।
—তোমাৰ গাওঁখনৰ নাম কি?
-- টাৰ্গো, মেডাম।
— বাৰু, টাৰ্গোৰ ওচৰতে তোমাৰ নিমিত্তে এটা গিৰ্জ্জাঘৰ সাজি দিয়া হব, তুমি এতিয়া যোৱাগৈ।
জেৰাৰ্ডে কুঁৱৰীক শত শত ধন্যবাদেৰে অভিবাদন জনাই বিদায় ললে আৰু বাহিৰলৈ ওলাই আহি পিটাৰ আৰু মাৰ্গেৰেটৰ ওচৰলৈ ঢাপলি ধৰিলে। চকু জুৰিয়ে বিচাৰিছে মাৰ্গেৰেটক, ভৰি দুখন কত পৰিছে থান-থিত নাই। বাটত কেইবাৰ উজুটি খালে, কেইবাৰ পৰি হাতৰ ছাল, ভৰিৰ ছাল ছিগিল তাৰ সংখ্যা নাই। আগেয়ে এৰি থৈ যোৱা মেজখনৰ ওচৰ পাই জেৰাৰ্ড হঠাৎ থমকি ৰ'ল — চকু থিৰ হ'ল — মুখ শুকাই গ'ল — মাৰ্গেৰেট নাই!
জেৰাৰ্ডে চাৰিফালে পিয়াপি-দি মাৰ্গেৰেটক বিচাৰিলে – কিন্তু কতো শুংসূত্ৰ উলিয়াব নোৱাৰিলে। অৱশেষত চিত্ৰকৰ জেৰাৰ্ড হতাশ মনেৰে অকলে অকলে ঘৰলৈ উলটিল।