মাৰ্গেৰেট উঠি বহিল। জেৰাৰ্ডৰ পৰা মুখ ঘূৰাই লৈ তেওঁ কলে,— মাষ্টাৰ জেৰাৰ্ড, মই আপোনাক এজন ভাল ডেকা বুলি-
জেৰাৰ্ড— অৱশ্যে মই অন্যবোৰ ডেকাতকৈ বেয়াও নহওঁ কিন্তু যাৰ চকু আছে, যাৰ হৃদয় আৰু যৌৱন আছে তেওঁ কেনেকৈ এইবোৰ কথা নোকোৱাকৈ থাকিব পাৰে, মিছ, মাৰ্গেৰেট?
মাৰ্গেৰেটে আধাফুটা মাতেৰে কলে, – জেৰাৰ্ড
- খং নকৰিবা মাৰ্গেৰেট।
- এতিয়া জানো—এইটো –
মাৰ্গেৰেটক কব নিদি জেৰাৰ্ডে কলে – এৰা, মই তোমাক ভাল পাওঁ, খুব ভাল পাওঁ।
-ছি ছিঃ, লাজ নালাগেনে? এতিয়া সেইবোৰ কথা নকব।
মাৰ্গেৰেট ৰঙা পৰি উঠল। তাকে দেখি জেৰাৰ্ডে আকৌ কলে – তোমাক মই ভাল নাপাই নোৱাৰোঁ মাৰ্গেৰেট --কি কৰিম? মই তোমাক ভাল পামেই।
— শপত দিছোঁ, সেই কথা দুনাই নকব। মই এজন অচিনাকি ডেকাৰ পৰা এনে কথা শুনিম বুলি ভবা নাছিলোঁ।
জেৰাৰ্ডৰ মনত অলপ আঘাত লাগিল। পিচত তেওঁ কলে, — ক্ষমা কৰিবা মাৰ্গেৰেট, তুমি যি কি নোকোৱা, মই তোমাক ভাল নোপোৱাকৈ থাকিব নোৱাৰোঁ।