সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬
মিলন-মন্দিৰ
 

 মাৰ্গেৰেট উঠি বহিল। জেৰাৰ্ডৰ পৰা মুখ ঘূৰাই লৈ তেওঁ কলে,— মাষ্টাৰ জেৰাৰ্ড, মই আপোনাক এজন ভাল ডেকা বুলি-

 জেৰাৰ্ড— অৱশ্যে মই অন্যবোৰ ডেকাতকৈ বেয়াও নহওঁ কিন্তু যাৰ চকু আছে, যাৰ হৃদয় আৰু যৌৱন আছে তেওঁ কেনেকৈ এইবোৰ কথা নোকোৱাকৈ থাকিব পাৰে, মিছ, মাৰ্গেৰেট?

 মাৰ্গেৰেটে আধাফুটা মাতেৰে কলে, – জেৰাৰ্ড

 - খং নকৰিবা মাৰ্গেৰেট।

 - এতিয়া জানো—এইটো –

 মাৰ্গেৰেটক কব নিদি জেৰাৰ্ডে কলে – এৰা, মই তোমাক ভাল পাওঁ, খুব ভাল পাওঁ।

 -ছি ছিঃ, লাজ নালাগেনে? এতিয়া সেইবোৰ কথা নকব।

 মাৰ্গেৰেট ৰঙা পৰি উঠল। তাকে দেখি জেৰাৰ্ডে আকৌ কলে – তোমাক মই ভাল নাপাই নোৱাৰোঁ মাৰ্গেৰেট --কি কৰিম? ম‍ই তোমাক ভাল পামেই।

 — শপত দিছোঁ, সেই কথা দুনাই নকব। মই এজন অচিনাকি ডেকাৰ পৰা এনে কথা শুনিম বুলি ভবা নাছিলোঁ।

 জেৰাৰ্ডৰ মনত অলপ আঘাত লাগিল। পিচত তেওঁ কলে, — ক্ষমা কৰিবা মাৰ্গেৰেট, তুমি যি কি নোকোৱা, ম‍ই তোমাক ভাল নোপোৱাকৈ থাকিব নোৱাৰোঁ।