সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মিলন-মন্দিৰ
৩৩
 

ৰাণী, কুঁৱৰী আটাইকেজনকে হাঁহি হাঁহি সেই চিত্ৰ দেখুৱালে। জেৰাৰ্ড তেওঁলোকক আকৌ প্ৰণাম এটি জনাই নিজৰ ঠাইত বহিলহি।

 এঘণ্টামান পিচতে প্ৰদৰ্শনী শেষ হ'ল। চাৰিজন চিত্ৰকৰে চাৰিটা বঁটা পালে। তাৰ ভিতৰত প্ৰথম হ'ল - মাষ্টাৰ জেৰাৰ্ড। এই কথা ঘোষণা কৰি দিয়াত কেউ-ফালৰ পৰা হাত চাপৰিৰ ৰোল উঠিল। জেৰাৰ্ডে আশাতীত বঁটা লাভ কৰি পুলকিত হ'ল। সভা ভঙ্গ হোৱাত তেওঁ মনৰ আনন্দৰ ঢৌ অন্তৰ খুলি কবৰ নিমিত্তে মৰ্গেৰেটৰ ওচৰলৈ লৰ দিলে। মাৰ্গেৰেটে হেৰোৱা ধন হাততে পালে। জেৰাৰ্ডও আনন্দতে আপোন-পাহৰা হৈ নিজৰ মন-প্ৰাণ খুলি সকলে কথা মাৰ্গেৰেটৰ আগত হাঁহি হাঁহি এটি দুটিকৈ কবলৈ ধৰিলে।

 সভা ভঙ্গ হোৱাৰ পিচত সকলো মানুহ দিহা-দিহি গুচি গ'ল; কিন্তু তেওঁলোক তিনিও তাতেই বহি থাকিল। বৃদ্ধ পিটাৰে ভাবিছে চাগৈ —উলিয়ামে তেওঁলোকক দেখা পোৱা নাই; সেই দেখিহে তেখেতে তেওঁলোকক মাত নিদিলে। ভাবি চিন্তি তেওঁ দুখ মনে বহি থাকিল। ইপিনে জেৰাৰ্ড আৰু মাৰ্গেৰেটৰ ইজনে সিজনক প্ৰশংসা কৰিয়েই তত নাই।

 মাৰ্গেৰেটে লাহেকৈ মূৰটো জেৰাৰ্ডৰ কোলাত থৈ গাতে হেলান দি পৰি নিজে নিজে কৈছে, কি সুন্দৰ ৰ'দ, কি সুন্দৰ ঠাই, কি সুন্দৰ দৃশ্যবোৰ! যিপিনেই চকু দিওঁ— সেই