মিলন-মন্দিব ৩০
চাৰিওফালে হো হো কৰি হাহিৰ ৰোল উঠিল। মার্গেবেটে থতমত, খাই ভেবার্ডব হাতখন তৎক্ষণাৎ গাবপবা আতৰাই দিলে আক চাৰিওফালে চকু পকাই কবলৈ ধৰিলে--অসভ্য জানোৱাবহঁত । মোৰ কোনো তেনে বন্ধু নাই। মই তহঁতৰ এই অসভ্য দেশত বন্ধুহীন হৈ পৰিছেহি | এওঁ এজন Tat মান সম্মান কৰোতা, নিবাশ্রয়ক আশ্রয় দিওঁতা, বিপদত বিপন্নক উদ্ধাৰ কৰোতা, মোৰ বন্ধু । এওঁ তহঁতৰ নিচিন| বৃদ্ধৰ মান নজনা, দীন-দৰিদ্ৰক ফিৰি নোচোৱা, দুখীয়াক দেখি ঘিণ কৰা|, অসভ্য বৰ্ব্বৰ নহয় _
মার্গেবেটে আৰু কিবা কব খুজিছিল, কিন্তু জেৰাডে গতি বিষম যেন দেখি আগবাঢ়ি গ’ল আৰু ছুরখীজনক টিকেট এখন দি কলে --দুৱৰী, মই এজন প্রতিযোগী চিত্ৰকৰ ।
ছুববী_ তোমাৰ নাম?
= মাষ্টাৰ জেবাড? মিষ্টাৰ এলিয়াঁছৰ পুতেক |
ছুৱৰীজনে টিকেট খনৰ ইফাল সিফাল লুটিয়াই চাই হাতত লৈ কলে--তুমি ভিতৰলৈ যাব পাৰ! |
TA এই বন্ধু দুজনে সৈতে?
নহয়, PRS তোমাৰ বন্ধু নহয় । সিহঁত তোমাতকৈ বহু আগৈয়ে আহিছে |
_আহিলেই বা ক্ষতি কি? তেওঁলোক মোৰ পৰম বন্ধু; তেওঁলোক মোৰ লগত নহলে মই কেনেকৈ যাম?