চাৰিওফালে হো হো কৰি হাঁহিৰ ৰোল উঠিল। মাৰ্গেৰেটে থতমত খাই জেৰাৰ্ডৰ হাতখন তৎক্ষণাৎ গাৰপৰা আঁতৰাই দিলে আৰু চাৰিওফালে চকু পকাই কবলৈ ধৰিলে –অসভ্য জানোৱাৰহঁত। মোৰ কোনো তেনে বন্ধু নাই। মই তহঁতৰ এই অসভ্য দেশত বন্ধুহীন হৈ পৰিছোঁহি। এওঁ এজন বৃদ্ধক মান সন্মান কৰোঁতা, নিৰাশ্ৰয়ক আশ্ৰয় দিওঁতা, বিপদত বিপন্নক উদ্ধাৰ কৰোতা, মোৰ বন্ধু। এওঁ তহঁতৰ নিচিনা বৃদ্ধৰ মান নজনা, দীন-দৰিদ্ৰক ফিৰি নোচোৱা, দুখীয়াক দেখি ঘিণ কৰা, অসভ্য বৰ্ব্বৰ নহয় -
মাৰ্গেৰেটে আৰু কিবা কব খুজিছিল, কিন্তু জেৰাৰ্ডে গতি বিষম যেন দেখি আগবাঢ়ি গ'ল আৰু দুৱৰীজনক টিকেট এখন দি কলে- দুৱৰী, মই এজন প্ৰতিযোগী চিত্ৰকৰ।
দুৱৰী— তোমাৰ নাম?
- মাষ্টাৰ জেৰাৰ্ড, মিষ্টাৰ এলিয়াছৰ পুতেক।
দুৱৰীজনে টিকেট খনৰ ইফাল সিফাল লুটিয়াই চাই হাতত লৈ কলে—তুমি ভিতৰলৈ যাব পাৰা।
—মোৰ এই বন্ধু দুজনে সৈতে?
—নহয়, সিহঁত তোমাৰ বন্ধু নহয়। সিহঁত তোমাতকৈ বহু আগৈয়ে আহিছে।
— আহিলেই বা ক্ষতি কি? তেওঁলোক মোৰ পৰম বন্ধু, তেওঁলোক মোৰ লগত নহলে মই কেনেকৈ যাম?