প্ৰতিযোগী চিত্ৰকৰবোৰক, ৰাজ্যৰ ডাঙৰ ডাঙৰ গণ্য-মান্য ভদ্ৰলোক সকলক আৰু ৰজাৰ বন্ধু-বান্ধৱবোৰক আগেয়ে একোখন টিকেট দিয়া হৈছিল। যি সকলৰ লগত তেনেকুৱা টিকেট একোডোখৰ আছিল, তেওঁলোক মাত্ৰ ভিতৰলৈ যাৰ পাৰিছিল।
জেৰাৰ্ডে দুখোজমান আগবাঢ়ি গৈয়ে দেখে যে সেই পৰিচিত বন্ধু পিটাৰব্ৰেণ্ড আৰু জীয়েক মাৰ্গেৰেট দুয়ো ভিতৰলৈ যাবৰ অনুমতিৰ বাবে দুৱৰী কেজনক কাবৌ কাকূতিু কৰিবলৈ ধৰিছে, তথাপি সিহঁতে তেওঁলোকক অনুমতি দিয়া নাই। কাৰণ তেওঁলোকৰ হাতত কোনো টিকেট নাছিল আৰু টিকেটৰেই বা আৱশ্যক কি? জন্ উইলিয়াম, পিটাৰৰ ভাগিনিয়েক; কাজেই মাৰ্গেৰেটৰ ককায়েক। তেওঁলোক বিনা নিমন্ত্ৰণে নিজৰে প্ৰদৰ্শনী ভাবি বিনাটিকেটে প্ৰদৰ্শনী চাবলৈ আহিছিল। ইয়াত যে সেইখন বেপাৰ বহিছে কেনেকৈ জানিব? সি যি কি নহওক জেৰাৰ্ডে মাৰ্গেৰেটক দেখা পাই থাকিব নোৱাৰিলে – এখোজ দুখোজকৈ ওচৰলৈ গৈ লাহেকৈ মাৰ্গেৰেটৰ মূৰতে হাত খন দিলেগৈ। মাৰ্গেৰেট উচপ্ খাই উঠিল – ঘূৰি চাওঁতেই চাৰিও চকুৰ মিলন হ'ল – অন্তৰে অন্তৰে কথা হ'ল— চুম্বকে লোক আকোঁৱালি ধৰিলে।
তাকে দেখি এজন ধেমেলীয়া দুৱৰীয়ে কৈ উঠিল – বেছ এতিয়া কেনে! এতিয়াহে মনোমত লগ মিলিছে!