মিলন-মন্দিৰ ২৪
জীয়েকে মাতিলে,--পিতা, কি হ'ল? আকৌ নাখায় কেলেই ? --ভয় নকৰিবা আইটি ! মোৰ একো হোৱা নাই । পিটাৰ সেপিনেই আকৌ টোপনি গ’ল |
মার্গেবেট ব্ৰেণ্ড, পিটাৰ ব্ৰেণ্ডৰ একমাত্র চেনেহৰ জীয়েক। তায়েই পিটাৰৰ এই অনাটন অভাৱ পীড়িত বুঢ়া বয়সত হাতৰ লাখুটি । তাইক বুকুত বান্ধি৷ লৈয়ে বুঢ়াই ভগা পঁজা ডোখৰত দিন কেইটা ক্টাব ধৰিছে ৷
জেবার্ডে যেতিয়া বুজিলে যে পিটাবৰ টোপনি আহিল তেতিয়া মাৰ্গৰেটৰ কালে চাই লাহেকৈ মুখ টিপি হাহি এটি মাৰি স্বধিলে, - মিছ, তোমালোক কলৈ বাবা ? মার্গেৰেটে মুখ সিমুখকৈ ইফালে সিফালে চাব বৰিলে --কিজানি কোনোৱা মানুহ ওচৰত আছে, জানোচা তেওঁলোকৰ কথ বতৰা কোনোরাই শুনে | ভয় sats Bee দিলে,-- আমি ৰটাৰ্ডমলৈ যাম | প্ৰশ্নৰ উত্তৰ পালে। জেবার্ভব.আক দ্বিতীয়বাৰ প্রশ্ন সোধা নহ'ল--সোধেই বা কেনেকৈ | তেওঁৰ হৃদয় আনন্দেৰে উপচি পৰিল। যাৰ লগত কথা এষাৰ পাতিবলৈ ইমান ব্যাকুল, যাৰ চকুৰ ফালে এবাৰ চাই মন-প্রাণ শান্ত কৰিবৰ নিমিত্তে ইমান আকুল, তেনেকুৱা লগৰীয়া এজনী একে পথৰ পথিক। ভেবার্ডে মার্গেৰেটৰ ফালে ৰ-লাগি অবাক হৈ চাই থাকিল।
মার্গেৰেটে লাজ্জতে তলমূৰ কৰিলে আৰু একো কথা বিচাৰি নাপাই হুধিলে__মাষ্টাৰ, দুডাল নলৰ ঠাৰি কিয় আনিছে? |