সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মিলন-মন্দিৰ ন ২২

ওলাই আহিছে। গাধৰ ওপৰত কি অপূৰ্ব্ব মূৰ্ত্তি শোভা পাইছে !!

বাপেক-জীয়েক হালকে বাটৰ দাতিত জুইৰ ওচৰত বহি খোৱা-লোৱাৰ ব্যৱস্থা কৰা| দেখি তেওঁ গাধটোৰ পৰা নামিল আক পিটাৰক লক্ষ্য কৰি গদ্্‌গদ্‌কৈ কবলৈ ধৰিলে, _কিহে পিটাৰ ! ইমান. নীচ, ইমান দীন-দবিদ্র হলানে ? বাটৰ দীতিতে বোহিমিয়া ৰাঞ্জাৰ ভিক্ষুকৰ নিচিন| খোৱা লোৱাৰ যোগাব কৰিছা ? ছিঃ ছিঃ ।

এনেতে পথাৰৰ কালৰ পৰা জেবার্ড হেফাই-ফেফাই লৰি আহিল আৰু কাকো ফালে ভ্ৰুক্ষেপ নকৰি পেট পেলাই পৰি উশাহ নোলোৱাকৈ জুই ফুৱাবলৈ ধৰিলে । তাকে দেখি জমাঁদাৰৰ চকু ৰঙা হ’ল--সৃদয়ৰ অন্তস্থল কঁপি উঠিল আৰু ভিতৰৰ পৰা যেন কোনোরাই তেওঁক কৈ উঠিল--জুৱাচোৰ ধৰা পবিছ। Were তাত আৰু ক্ষন্তেকো৷ নাথাকিল । CHAS ফালে এবাৰ মাথে। কেৰাহিকৈ চাই লাহে লাহে নিজৰ বাট ললে।

জেবার্ডে কিছু সময় জুই ফুৱাই পাত্রটো জুইৰ পবা নমাই আনি বুঢ়াজনৰ ফালে চাই কলে,--দেউতা চাই তৈয়াৰ হৈছে | তেতিয়া পিটাৰে জেবাডক কথা শেষ কৰিবলৈ নিদি টপ্ৰাই মাত লগালে, কিন্ত ইমান তপতে তপতে কেনেকৈ খাওঁ ai? তাকে শুনি জীয়েকে মিচিকিয়া হাঁহি এটি :