সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মিলন-মন্দিৰ
১৪
 

ভয় নকৰিবা। ভয় নাই, ভয় নাই । ”

 জেৰাৰ্ডে বিশালচিন্তা সাগৰৰ পাৰ পালে । কাণে কাণে কোনোৱাই যেন তেওঁক কৈ গ'ল—ভয় নাই জেৰাৰ্ড, ভয় নাই । চাৰিওফালৰ ধীৰ সমীৰে ফুৰ্ ফুৰ্ কৈ কৈ গ'ল, গছৰ ডালত পৰি পক্ষীবিলাকে সুৰ লগাই গীত ধৰিলে, গহীন বনত পশুবোৰে চীৎকাৰ কৰিলে, পৰ্ব্বত পাহাড়ত প্রতিধ্বনি উঠিল,— ভয় নাই জেৰার্ড, ভয় নাই ৷

  জেৰাৰ্ডৰ বিধি সুপ্রসন্ন হ'ল ৷