সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫
মিলন-মন্দিৰ
 

চানেকি দেখি তবধ মানিলে—কি আচৰিত! কি সুন্দৰ ছবি! কি সুন্দৰ হাতৰ লিখা! আহা! তেখেতে ছবি কেইখন লুটিয়াই জুমি জুমি চাই জেৰাডৰ্ক শত শত ধন্য বাদ দিলে আৰু আশীৰ্ব্বাদ কৰিলে। ভবিষ্যতলৈ ভাল ভাল নতুন ছবি সংগ্ৰহ কৰিবলৈ উছাহ উদগণিও দিলে।

জেৰাৰ্ডে ও তাল বুজি সুৰ ধৰিলে। সিদিনাখন কাগজ আৰু ৰহণ কিনিবৰ নিমিত্তে মাকক টকা খুজিবলৈ গৈ কেনেকৈ হতাশ হৈ উলটি আহিল, মাকে কেনেকৈ গালি-শপনি পাৰিলে সকলো ঘটনা আদ্যোপান্ত মাৰ্গেৰেটৰ আগত ভাঙি পাতি কলে। তেখেতৰ অন্তৰ জেৰাৰ্ডৰ আচাৰ-ব্যৱহাৰ আৰু সৰল কথা বতৰাত পমি গ'ল। তেখেত বৰ দয়াৱতী মহিলা, তেখেতে লোকৰ দুঃখ বা অন্যায় দেখি চাই থাকিব নোৱাৰে। তেখেতৰ জীৱন আদিৰে পৰা পৰোপকাৰৰ নিমিত্তেই উছৰ্গা কৰা হৈছে। তেখেত পৰৰ দুখত সমদুখী, পৰৰ সুখত চিৰ-সুখী। মুঠতে তেখেতৰ পৰৰ দুখেই দুখ, পৰৰ সুখেই সুখ। ধন্য মাৰ্গেৰেট-ভান্ -আইক! তোমাৰ জীৱনেই ধন্য; নহলে আজি অজ্ঞাতকুলশীল নজনা-নুশুনা ডেকা এজনক মাতৃত্ব বিলাবা কিয়?

 মাষ্টাৰ জেৰাৰ্ডৰ আৰ্থিক অনাটন আৰু বিধিপথালিৰ কথা শুনি ভান্-আইকৰ হিয়া পমি গ'ল। তেখেতে তেতিয়াই প্ৰতিজ্ঞা কৰি কলে, – তোমাক মই আজীৱন সকলো প্ৰকাৰে সহায় কৰিম জেৰাৰ্ড! তুমি কেতিয়াও নিৰাশ নহবা, অলপো