সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/২০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মিলন-মন্দিৰ ১৯০

ধৰিলে---প্রাণৰ পুতুলা, বুকুৰ জীউ! তোমাক আক এৰি নিদিওঁ! যাওক মোৰ থোৰ তপস্যা, যাওক মোৰ ইমান দিনৰ অসহনীয় কষ্ট, নালাগে আৰু মোক বিশ্বপৰ পদৱী তথাপি মই ভোমাক এৰি নিদিওঁ 1 বুকুব ধন ! তোমাৰ নাম কি?

কেঁচুৱা জেবার্ডে কান্দি কান্দি ভয় ভঃংকৈ আধা. ফুটা ANB কলে,--বে--বি--আঁৰু সেই ভীমকায় পুৰুষজনৰ ফালে ৰ-লাগি চাই থাকিল 1

  • * ৰ ক

জেবার্ডে cafes’ নচুৱাই নচুৱাই কত কথা সুধিলে, কত নিচুকনি গীত গালে! শেষত বাওঁ 'আঠুৰ ওপৰত বহুৱাই লৈ আগ হাতেৰে বীণখনি ধৰি ‘বেবি’ৰ মুখতে মুখখন থৈ গুণ, গুণকৈ গীত গাবলৈ লাগিল।

এনেতে জোনবায়ে পৰ্ণকুটীৰৰ ভিতৰত থকা £বেবি'ৰ মুখত ভুমুকি মাৰিলেহি ৷ স্বর্গীয় অপুর্ব জেউতি চাৰিওপিনে বিয়পি পৰিল | লগে লগে পাগলিনী বেশেৰে মার্গেৰেট কুটীৰত প্রৱেশ কৰিলেহি | একেবাৰেই ভেবার্ডৰ ভবিত দীঘল হৈ পৰি তেওঁৰ মুখবফালে চাই কবলৈ ধৰিলে,--প্রভু, তুমি আমাক ত্যাগ নকৰিবা ৷ তুমি আমাক ভ্যাগ কৰিব নোৱাৰা - বঞ্চিত নকৰিবা |