মিলন-মন্দিৰ ১৮০
তাতেই বহি পৰিল | দিনৰ দিনটো বাট চালে - কিজানি কোনোৱা ওলাই আহে; কিন্ত কোনে| ওলাই নাহিল। ৰাতি হোৱাত মার্গেৰেট হতাশ মনেৰে ঘৰলৈ উভতি আহিল ৷
প্ছিদিনা ৰাতিপুৱ| মার্গেৰেটে আকৌ সন্ন্যাসীৰ কুটীৰলৈ বুলি যাত্ৰা কৰিলে । তাত দিনৰ দিনটো কাৰবাক দেখা পাম বুলি খাপ লৈ বহি থাকিল।-ভাটী বেলা প্রায় ৪ মান বঙ্গাত চৰাইবোৰ মার্গেবেটক বহি থক| দেখি চক্ খাই উৰা মাৰিলে । পাৰবোৰক আকৌ, মাতি আনিবৰ নিমিত্তে সন্ন্যাসা জনে দুৱাৰ মুখলৈ ওলাই আহি এডোখৰ কটি হাতত লৈ সিহঁতক দেখুৱালে-- সিহঁত ওচৰলৈ আহিল। মার্গেবেট চুচৰি চুচৰি একেবাৰেই সন্ন্যাসীজনৰ ওচৰ পাগেহি, কেৱল দুয়োৰে মাজত খাগৰিৰ ডাঠ বেবা এখন-- ইমানেই আশাতবা-অশাতৰি। মার্গেৰেটে চকুৰ নিমিঘ নমৰাকৈ সন্ন্যাসীজনৰ হাত থনৰ ফালে চাই থাকিল--এনেতে তেওঁ সিওখন হাত উলিয়াই কটি ডোখৰ ভাঙি দুৱাৰ মুখত ছটিয়াই দিলে । পাৰবোৰে উৰা- উৰ্িকৰি সেইবোৰ ata ধৰিলেহি । ;
মাৰ্গেৰেটে পিছে উলিওৱা হাতখনত এট। মাহৰ চিন দেখিলে, সেইটো ঠিক কেঁচুৱা জেবার্ডৰ বা হাঁতখনত থকা মাহৰ = চিনটোৰ দবে। তেওঁৰ সন্দেহ দূৰ হ’ল--তেওঁ বুজিলে-- h এওঁ নিশ্চয় জেবার্ড_মোৰ প্রাণৰ প্ৰিয়তম, জেবার্ড- আন কেও নহয় | |
মার্গেবেট আনন্দ মনেৰে ঘৰলৈ উভতি আহিল। ?