সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/১৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উনত্রিশ আধ্য| লিউকৰ ভ্রমণ

মাৰ্গেৰেটৰ হবিবতে বিষাদ মিলিলহি | লিক: বৰ দুখ মনেৰে মাৰ্গেৰেটৰ আগত উপস্থিত হ’লহি | লিউকৰ কপাঁলত কালিমাৰ As, মুখত বিষাদৰ চিন, চকু জেউতিহীন! লিউকৰ অৱস্থা দেখি মার্গেবেটেৰ কোমল প্রাণে নসলে; তাক সুধিলে--লিউক, তোৰ কি হৈছে? তই দেখোন দিনে দিনে শুকাই খীণাই যাবলৈ ধৰিছ?

লিউকে ছুটামান হুমুনিয়াহ পেলাই উদাসীনভাৱে কণ্ঠ নকওঁকৈ কলে_-একো Catal নাই মেডাম, !

_লিউক, তই এতিয়া সেইবোৰ: ভাব এৰি পেল| | আজিৰ পৰ| মই তোক নিজৰ ভাইটি যেন দেখিম, তয়ো মোক নিজৰ বাইদেৱেৰ| যেন জ্ঞান কৰিবি। তোক মই অন্তৰেৰে ভাল পাওঁ লিউক, তই একো চিন্ত৷ নকৰিবি; তই কোনো দুখ কষ্ট নাপাৱ।

মার্গেৰেটৰ কথা শুনি লিউকে তলমুৰকৈ হুমুনিয়াহ পেলা বলৈ ধৰিলে । কিছু সময় তেনেকৈ থাকি কলে,--মেডাম্‌ তেনেহলে মই তোমাৰ কি কাম কৰিব লাগে কোর! ৷

মার্গেৰেটে হাঁহি এটি মাৰি কলে,--লিউক, জেবার্ডৰ পৰা

ৰ মোৰ বিবাহ-খতখন আনি দিব পাৰিবিনে ?