সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মিলন-মন্দিৰ ৮ জা

সেই কালত ছপাখানা অতি কমেই আছিল । সেই পাঞ্জী সকলে সৰ্ব্বতোভাৱে ব্ৰহ্মচৰ্য্য পালন কৰিছিল । শিক্ষা আৰু ধৰ্ম্ম প্রচাবৰ সুচলার্থে সুন্দৰ সুন্দৰ বন্ধৱস্ত কৰি দেশ-বিদেশ 'ঘূৰি ফুৰিছিল । সেই সময়ত বেহা-বেপাৰ ঘাইকৈ প্পেনদেশীয় সদাগৰ সকলৰ হাততেই আছিল । দেশত আইনৰ প্রচলন বেছি নাছিল । দুই এক শতাব্দীৰ আগৰ আমাৰ ভাৰতবৰ্ষৰ নিচিনা, সেই সময়ত দেশ ভ্রমণ বৰ বিপদজনক আছিল; কাৰণ বাট-পথ দুৰ্গম আক চোৰ ডকাইতেবে ভৰ-পূৰ আছিল ৷ ইটালী দেশ প্ৰাকৃতিক সৌন্দৰ্য্যৰ ৰাণী-- চিত্ৰ-বিদ্যাৰ নিমিত্তে জগদ্বিখ্যাত আছিল |

মাষ্টাৰ জেবার্ডে এই পাদ্ৰীসকলৰ লগত থাকি নানাদেশৰ নানা ছবি আঁকি সুন্দৰ ৰূপে চিত্ৰ-বিদ্ত| শিকিলে আৰু সংসাৰৰ পৰা লাহে লাহে আঁতৰি আহিবৰ উপক্রম কৰিলে ।