ৰিচাৰ্ড এলিৰ প্ৰথম পুত্ৰ, জেকোব দ্বিতীয় পুত্ৰ। যেতিয়া ৰিচাৰ্ডৰ বয়স ১৮ বছৰ আৰু জেকোবৰ বয়স ১৭ বছৰ, তেতিয়া এলিৰ আৰ্থিক অৱস্থা বৰ বেয়া; লগে লগে তেওঁৰ শাৰীৰিক মানসিক অৱস্থাও বৰ শোচনীয় হৈ উঠিল। বাপেকৰ অভাৱ অনাটন, দুখ কষ্ট দেখি পুতেকহঁতৰ মনত শান্তি নোহোৱা হ'ল। কোমল বয়সত উঠি অহা ডেকা সকলে শিক্ষা দীক্ষা সকলোৰে ফালে পিঠি দি জীৱিকা নিৰ্ব্বাহৰ উপায় চিন্তি হাঁ চাকৰি হাঁ চাকৰি কৰি চাৰিওফালে হাবাথুৰি খাই ফুৰিবলৈ ধৰিলে। বহুদিন ঘূৰি ফুৰি অৱশেষত আমষ্টাৰ্ডম নগৰত এজন কাপোৰ সদাগৰৰ অফিচত ভৰ্ত্তি হ'লগৈ। তাকে দেখি তৃতীয় জনৰো চকু মুকলি হ'ল তেওঁ কাপোৰ সিয়া দৰ্জ্জি হ'লগৈ। চতুৰ্থ জন সাজ-পাৰ বেচোঁতা হ'লগৈ। ছিব্ৰান্ট নামে লৰা এজন আৰু কৰ্ণেলিছ নামে ছোৱালী এজনী — ইহঁত দুয়োৰো কিন্তু কোনো কাজৰ ফালে ধাউতি নাছিল। সিহঁত বৰ এলেহুৱা, মাক বাপেকৰ ওপৰত ষোল অনাই নিৰ্ভৰ কৰি থকা বিধৰ। জাইল নামে লৰা এজন বাওনা, গতিকে কামৰ অযোগ্য। কেট নামেৰে, কেথেৰিণৰ পেট-মোচা ছোৱালী জনীতো থিয় হবই নোৱাৰে, আঠুকাঢ়ি চুচৰি ফুৰে। বাকী থাকিল এজন ল'ৰা— নাম জেৰাৰ্ড। এৱেঁই আমাৰ উপন্যাসৰ নায়ক — মাষ্টাৰ জেৰাৰ্ড!
জেৰাৰ্ড সৰুৰে পৰা কিবা এক ৰকমৰ আছিল। ঘৰৰ লগত, ভাই-ককাইৰ লগত, বাই-ভনীৰ লগত সম্বন্ধ বোলা, সদ্ভাৱ