১৪৯ মিলন-মন্দিৰ
মার্গেবেটৰ চকুবে যেন জুই হে ওলাবলৈ ধৰিলে ৷ বাৰ্গোমাষ্টৰ ভয়তে অস্থিব । তেওঁ লাহেকৈ কলে,--মই সেইবোৰ একো নাজানে | _নহয়, তুমি সমস্ত জানা । জেবার্ড কিয় নাহে, চিঠি- পত্রকে বা কিয় নিলি! এই ছুটা কথাৰ সমিধান দি লাগিব, নিদিলে শুদাই নেৰিম--আজি মই |
বাৰ্গোমাষ্টৰ বিবৰ্ণ হ’ল, গাৰ বল শক্তি লোপ পালে, তথাপি বাধ্যত পৰি কলে,_-এ, সেই পাপাষ্ঠহঁতৈ কলেই বা, তাকেনো বিশ্বাস কৰানে ?
মাৰ্গেৰেটে টপবকৈ মাত দিলে,--কোন পাপাষ্ঠহত ? বার্গোমাষ্টৰে সেহাই সেহাই উত্তৰ দিলে,--মই বুঢ়া মানুহ, মোৰ একো কথা মনত নাই; সিহঁত ছুয়ো লগ লাগি কিবা কৰিছে বোধ হয় ।
মার্গেবেটৰ খঙে চুলিৰ আগ পালেগৈ | একে উশাহতে গালি পাৰি তেওঁ কব ধৰিলে,--বার্গোমাষ্টৰ, মনত নাই নে দেউতাই যে তোমাক সাংঘাতিক জীরনান্তক প্লেগবেমাৰৰ পৰা উদ্ধাৰ কৰিছিল 1 মনত পৰে নে তুমি মাউবা হৈ খাবলৈ নাপাই বাটে ঘাটে ভিক্ষা খুজি ফুৰৌতে দয়ালু আতাদেরে তোমাক আশ্রয় দি তুলি তালি ডাঙৰ দীঘল কৰিছিল ? অ, বুজিলো-এয়ে তাৰ প্রতিফন্দ | এয়ে তাৰ পুৰস্কাৰ | এয়ে কৃতজ্ঞতা চিন! এতিয়া হলে সকলোকে পাহবিছা ? ছিঃ ছি: অকৃতজ্ঞ, Foy মানৱ ! তুমি আমাৰ তিনি পুৰুষ