সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সিলন-মন্দিৰ ১৪৬

তেওঁ লিখা নাই ! মার্গেবেটে চকু-লে| টুকিবলৈ ধৰিলে, তাকে দেখি কেচুৱা জেবাডেও মাকব মুখলৈ চাই চাই কান্দিব ধৰিলে। জোরানে মার্গেবেটক নান প্রবোধ বাক্যেৰে সান্ত্বনা দি কলে,-- CAI, বোধ হয় আমাৰ কেটেলে তোমাৰ জ্ৰোড'ৰ বিষয় ভালকৈ জানে ৷ কিয়নো কেটেলে এই বিষয় আচল কথা| ভাঙি নোকোর বাবেই বার্গোমাষ্টৰে আমাক তাৰ পবা খেদি পঠিয়াইছে । আমাক সেই পাপীষ্ঠই কত কষ্ট, কত দুখ দিলে! সেইবোৰ এক কথাবে শেষ কৰিব নোৱাৰি । এতিয়া কেই- মাহ মানৰ পৰা কেটেল গাৱঁৰ চৌকিদাৰ আক মৈদামৰ (মৰিশালিৰ) ছেকস টন্‌ হৈছেহি; তাৰে কোনো মতে আমি দুয়ো পৰিয়ালে পেট পুহিছোঁহি। ভুমি, একো ছুখ নকৰিবা | এদিন তুমি.নিজে গৈ কেটেলক ভালকৈ সুধিবাচোন, কিনো কয়। fee dia, মোক যেন মাজতে বিপদত নেপেলোৱ| ।

মার্গেবেটে জোৱানৰ কথা শুনি ভাবিলে,--জোৱানে ঠিকেই কৈছে ৷ কেটেলক যে বাৰ্গোমাষ্টৰে পদচ্যুত কৰিছে, এয়ে তাৰ কাৰণ ৷ বাক এবাৰ চেষ্টা কৰি চোরা ates |

মার্গেবেটে জোরীনক ধন্যবাদ দি সেই দিনৰ নিমিত্তে বিদায় দিলে । এদিন গধূলি কেটেল কামৰ [পবা উলটি আহি জুহালৰ কাষত বহিছেহি মাথোন, এনেতে মার্গেৰেট কেটেলৰ ছুরাবত উপস্থিত হ'লহি ! তেওঁ * দুৱাৰত হেঁচা দিয়াত ভিতৰত পৰা কৈ উঠিল,--কোন ? ভিতৰলৈ _আই৷ ৷

|