সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩১ মিলন-মন্দিৰ

কিন্তু পিছমুহূৰ্ততে তেওঁ উঠি বহিল আক গদ্গদ্কৈ নিজে নিজে কৈ গ'ল,--অ’, তেৱেঁই সকলোৰে গৰাকী |. তেওঁৰ ইচ্ছাতেই সকলো হব ধৰিছে। প্ৰিয় মার্গেব্টে ! তুমি ‘আদৰ্শ জীয়াৰী, তুমি আদর্শ মহিলা, তুমি আদর্শ প্রেমিকা | তুমি হলেণ্ড কিয় সমস্ত পৃথিৱীৰ গৌৰৱৰ স্থল ।

কিছু সময় ভাৱি থাকি তেওঁ আকৌ কবলৈ ধৰিলে, _নহয়। ই তেনেই মিছা | সেই পাপীষ্ঠ মেমলিং কলৈ গল? ওলালে"ৱেই, তাক আজি বিচাৰি উলিয়াই হে ক্ষান্ত হম | হাতেবে থাপ মাৰি টুপিটো লৈ ভে! ভে কৰে বাহিৰলৈ ওলাই গ’ল ate বলিয়া মানুহৰ দৰে জেবার্ডে বাটে-ঘাটে লৰি ফুৰিবলৈ ধৰিলে ।

গধূলি হতাশ মনেৰে জেৰার্ড উভতি আহিল--তেও" মেমর্বলিঙক বিচাৰি নাপালে | জেবার্ডৰ অন্তৰ ভাগিল, সমস্ত পৃথিৱী ea মনত শুন্য যেন লাগিল |

পিছদিনাখন জেবার্ডৰ ভয়ানক জ্বৰ আৰম্ভ হ'ল। জ্বৰৰ কোৱত তেও” প্রলাপ বকিবলৈ ধৰিলে । গধূলি তত নোহোৱা হৈ সেইপিনে টোপনি আহিল । তাকে দেখি কিছুমানে কলে-- জেবার্ডৰ এয়ে শেষ | কিন্তু এজনা বৃঢ়ায়ে কলে,--মানুহজনৰ মগজুৰ দোষ ঘটিছে । তেওঁৰ ডেক৷ কাল; তাৰপৰা অনুমান কৰিব পাৰি যে তেওঁ ৪৮ ঘণ্টামান সম্পূর্ণ গভীৰ নিদ্ৰাৰ পাছত সংজ্ঞা লাভ কৰিব পাৰে |

2 = * *